কলগাছিয়া, ১আগষ্টঃ বাঘবৰ সমষ্টিৰ ধৰ্মপুৰৰ ভাতনাপাইতি গাওঁ পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ জিআৰএছ মহিদুল ইছলামে আঁচনি আৱন্টন দিয়াৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন কৰি পঞ্চায়ত সভানেত্ৰী আচমা খাতুনে মন্দিয়া আৰক্ষী চকীত গোচৰ ৰুজু কৰে৷ ইয়াৰ পূৰ্বেও আচমা খাতুনে মহিদুল ইছলামৰ বিৰুদ্ধে ২০১৬ চনৰ ৩০ জুনত জিলা অভিকৰণ প্ৰকল্প বিষয়াক অভিযোগ দাখিল কৰিছিল৷ কিন্তু প্ৰকল্প বিষয়াই জিআৰএছ ইছলামৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত সভানেত্ৰীগৰাকীয়ে বিধায়ক শ্বেৰমান আলীক অভিযোগ দিয়ে৷ বিধায়ক শ্বেৰমান আলীয়ে অভিযোগৰ ভিত্তিত ৩০ জুলাইত মহিদুল ইছলামক মাতি আনি ভৱিষ্যতে এনে দুৰ্নীতি নকৰিবলৈ প্ৰতিশ্ৰুতি দিবলৈ কোৱাত ইছলামে প্ৰতিশ্ৰুতি নিদিয়াত বিধায়কগৰাকীয়ে মাৰপিট কৰাৰ অভিযোগ কৰি থানাত গোচৰ ৰুজু কৰে। যাৰবাবে পঞ্চায়ত সভানেত্ৰী আচমা খাতুনে জিআৰএছ মহিদুলৰ বিৰুদ্ধে পুনৰ মন্দিয়া আৰক্ষী চকীত গোচৰ ৰুজু কৰে৷ আনহাতে বিধায়ক শ্বেৰমানে আলীয়ে সাংবাদিকৰ আগত মহিদুলক মাৰপিট কৰা কথা অস্বীকাৰ কৰে৷ ধৰ্মপুৰৰ নুৰ নবী নামৰ এজন ব্যক্তিয়ে অভিযোগ কৰা অনুসৰি, জিআৰএছ মহিদুল ইছলামে এমজিএনৰেগা আৱণ্টন দিয়াৰ নামত ২২ হেজাৰ টকা উৎকোচ লৈছে যদিও বৰ্তমানলৈ আঁচনি আৱণ্টন দিয়া নাই।