নলবাৰী ১ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে কৰি নলবাৰীত এছইউচিআয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এছইউচিআইৰ নলবাৰী জিলা সমিতিয়ে জিলিঙনি চ’কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে৷ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰাৰ পিছতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে এইউচিআই। কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে তেওঁৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷