বৰপেটা, সংবাদ ৩৬৫, ২১ আগষ্ট : বৰপেটা জিলাৰ মন্দিয়া খণ্ড শিক্ষাৰ অন্তৰ্গত একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ শিক্ষা দান আৰু কৰ্ম কাণ্ডই শৈক্ষিক-সচেতন মহলক চিন্তিত কৰি তোলা দেখা গৈছে। ঘনেপ্ৰতি প্ৰাপ্ত অভিযোগৰ ভিত্তিত সাংবাদিকৰ দল এটাই উত্তৰ মহম্মদপুৰ প্ৰাথমিক বিদ্যালয়, পশ্চিম বাংলীপাৰা প্ৰাথমিক বিদ্যালয়, ১২৩৬ নং ডাউকমাৰী প্ৰাথমিক বিদ্যালয় উপস্থিত হয়। ২৯৮ নং কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিউৰ ৰহমান বিগত দুদিন ধৰি বিদ্যালয়ত অনুপস্থিত।

বিদ্যালয়খনত পহিলা আগষ্টৰ পৰাই বন্ধ হৈ আছে মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজন বন্ধ হৈ থকাৰ বিষয়ে সহকাৰী শিক্ষকৰ পৰা জানিব বিচৰাত হৈ যোৱা বানপানীৰ কাৰণে বন্ধ ৰখা হৈছে বুলি জনায়। বিদ্যালয়খনৰ শিক্ষক সকল সদায় দেৰিকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া।

একেদৰে পশ্চিম বাংলীপাৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ থকাৰ বিষয়ে জানিব বিচৰাত বানপানীয়ে পাকঘৰৰ মাটি খহাই নিয়াৰ কাৰণে বন্ধ ৰখা হৈছে বুলি প্ৰধান শিক্ষক গৰাকীয়ে দোহাৰে। আনপিনে ১২৩৬ নং ডাউকমাৰী প্ৰাথমিক বিদ্যালয়খন মাজে মাজে হে খুলা হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

প্ৰায়ে ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰা উভতি যাব লাগে বুলি ৰাইজে সাংবাদিকৰ আগত প্ৰকাশ কৰে। ১৪৪ নং জনীয়া প্ৰাথ্যমিক বিদ্যালয়ে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা খাদ্য আৰু পৰিপাটি আদৰণিয় বুলি বিবেচিত হৈছে। বুধবৰীয়া ৰুটিন অনুসৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰ্চনা দাসে আলু, অমিতা, দালি আৰু কণীদি ধুনীয়াকৈ তৰকাৰী ৰান্ধ ছাত্ৰ-ছাত্ৰীক খাদ্য যোগান ধৰিছে। অন্যান্য বিদ্যালয়ত যিহেতু চৰকাৰে খাদ্য খোৱাবলৈ দিছে তেনে ক্ষেত্ৰত খোৱাব লাগে। নিজৰ সন্তানৰ ভোক লগাৰ কথা চিন্তা কৰিলে আনৰ ল’ৰা-ছোৱালী ভোকত কষ্ট পোৱাৰ কথাও ভাৱিব লাগে বুলি গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়ায়।

এই ক্ষেত্ৰত মন্দিয়া খণ্ড শিক্ষা বিষয়াই শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বাহিৰত ওলাই তেওঁৰ অধিনস্ত প্ৰাথমিক বিদ্যালয় সমূহ কিদৰে চলিছে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।