বৰপেটা, সংবাদ ৩৬৫, ২১ আগষ্ট : বৰপেটা জিলাৰ সৰভোগ বিধান সভাৰ অন্তৰ্গত দ্বাৰিকা গাঁৱৰ ৰাতুল দাস আৰু নিতিকা দাসৰ ঔৰসত ১০-০৩ -২০১৮ ইংৰাজী তাৰিখত জন্ম গ্ৰহণ কৰা ধ্বৃতিশমান দাস নামৰ শিশু জন জন্মৰ পৰাই এক অচিনাকি ৰোগত আক্ৰান্ত।

পিতৃ- মাতৃ দিন হাজিৰা কৰা শ্ৰমিক। দুবেলা দুমুঠি অন্ন যোগাৰ কৰিব নোৱাৰা পিতৃ মাতৃয়ে টকাৰ অভাৱত শিশু টিৰ চিকিৎসা কৰোঁতে ব্যৰ্থ হৈ সম্প্ৰতি অসমৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেচুৱাটোৰ চিকিৎসাৰ দ্বায়িত্ব লবলৈ আবেদন নিবেদন কৰিছে। লগতে দল সংগঠন আৰু সদাশয় ৰাইজক মাতৃ নিতিকা দাসৰ ভাৰতীয় ষ্টেট বেংক দক্ষিণ গনকগাড়ী শাখাৰ একাউণ্ট নম্বৰ ৩৮২৯৬৯৪৬৩৬৬ ত কেচুৱাটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য কৰিবলৈ আহবান কৰিছে।