গুৱাহাটী : মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ সহাঁৰি জনাই জলসম্পদ বিভাগৰ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ। জলসম্পদ বিভাগৰ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। জলসম্পদ বিভাগৰ সকলো কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপন কৰিবলৈ বিভাগটোৰ কৰ্মচাৰী সকলক আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ।

স্বাধীনতাৰ হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা
অমৃত মহোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপন কৰাৰ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ এই আহ্বান মৰ্মে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বৰ্তমান বৰ্ধিত গোলকীয় উষ্ণতা আৰু ভূমি সংৰক্ষণৰ বাবে গছ ৰোপন খুবেই গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীক সমগ্ৰ ৰাজ্যজুৰি এই গছপুলি ৰোপন কাৰ্যসূচী কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। “আমি যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে সচেতন নহও, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব”, গছপুলি ৰোপন কৰি উঠি মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকক উদ্দেশ্যি এই মন্তব্য প্ৰকাশ কৰে।

গছপুলি ৰোপন কৰাৰ আগমুহূৰ্তত অনুস্থিত বিভাগীয় সভাখনত নিজৰ বক্তিতা ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুটা বছৰত তেওঁ নিজৰ পৰিয়াল আৰু সমষ্টিৰ অনুগতসকলৰ সৈতে জাগীৰোড সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৬ হাজাৰ আজাৰ গছৰ পুলি ৰোপন কৰিছিল। উক্ত ৬ হাজাৰ আজাৰ গছৰ পুলিৰ প্ৰায় ১ হাজাৰ পুলি নষ্ট হোৱাত এইবাৰ পুনৰ ১ হাজাৰ পুলি ৰোপন কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

আনহাতে জলসম্পদ বিভাগৰ হাতত অসমৰ এটা ডাঙৰ সমস্যা, বানপানী আৰু গৰাখহনীয়াৰ সমাধানৰ দায়িত্ব ন্যস্ত আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। গছপুলি ৰোপন কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তাকে ধৰি বিভাগীয় আন বিষয়াসকল উপস্থিত থাকে।