আজিজ আলী

মুকালমুৱা : অৱশেষত মুকালমুৱা আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বাদছু আলী। দীর্ঘদিন ধৰি মুকালমুৱা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা বাদছু আলী মঙলবাৰে নিশা মুকালমুৱা আৰক্ষীৰ জালত পৰে। মুকালমুৱা থানা আৰু দৌলাশাল আৰক্ষী চকীৰ অভিযানত জালত পৰে বাদছু আলী।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নলবাৰী জিলাৰ মুকালমুৱা থানা আৰু দৌলাশাল আৰক্ষী চকীয়ে ড্ৰাগছৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। মুকালমুৱাত ইতিমধ্যে ড্ৰাগছ বিৰোধী অভিযান চলাই মুকালমুৱা থানা আৰু দৌলাশাল আৰক্ষী চকীৰ আৰক্ষীয়ে কেইবাটাও সাফল্য লাভ কৰিছে।

মুকালমুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰা আৰু দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ যৌথ নেতৃত্বই পুনৰ এক সাফল্য লাভ কৰিছে। আৰক্ষী বিষয়া দুগৰাকীৰ নেতৃত্বত মঙলবাৰে নিশা মুকালমুৱাৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জালত পৰে।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষী বিষয়া সীমান্ত বৰা আৰু
ৰাজশ্ৰী বুঢ়াগোহাঁইয়ে অভিযান চলাই কাপলাবড়ী চকত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বাদছু আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বাদছু আলী দীর্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি আছিল যদিও অৱশেষত আৰক্ষীৰ জালত পৰে।

ধৃত বাদছু আলী মুকালমুৱাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল৷ মুকালমুৱা আৰক্ষীয়ে জানিবলৈ দিয়ে যে বাদছু আলীয়ে বহিঃৰাজ্যৰ পৰা ড্ৰাগছ আনি সমগ্ৰ মুকালমুৱা অঞ্চলটোত বৃহৎ ব্যৱসায়ী চলাই আছিল৷ আৰক্ষীয়ে বাদছু আলীক জেল হাজোতলৈ প্ৰেৰন কৰে৷