সোণতলীৰ পৰা ফজলুৰ ৰহমানৰ, সংবাদ ৩৬৫, ২৪ জুন : সংখ্যালঘূ বৃত্তিৰ ধন কেলেংকাৰীৰ অভিযোগত আটক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সমিতিৰ সভাপতি আৰু সহকাৰী শিক্ষক। অভিভাৱকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিওজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

কামৰূপ জিলাৰ বকোত সংখ্যলঘু বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ডেকাচাং হাই স্কুলত সংখ্যালঘু বৃত্তিৰ ধন কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আনিনুল ইছলাম, সহকাৰী শিক্ষক আব্দুল আজিজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জালাল উদ্দিনৰ বিৰুদ্ধে৷ ডেকাচাং হাই স্কুলৰ শিক্ষাৰ্থী সকলৰ অভিভাৱক সকলে বিদ্যালয়খনত সংখ্যালঘূ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছিল। অভিভাৱক সকলৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সমিতিৰ সভাপতি আৰু সহকাৰী শিক্ষক আটক কৰিছে।

বকোৰ থানাৰ আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মণৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে সোণতলীৰ ডেকাচাংৰ পৰা তিনিওজনক আটক কৰি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।