গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ২৩ জুন : কোকৰাঝাৰ জিলাৰ ৪ নং পৰ্বতঝোৰা সমষ্টিত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ৷ বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ তীব্ৰ গতিত চলিছে আগতীয়াকৈ নিৰ্বাচনী প্ৰচাৰ ৷

বি টি চিত সমগত পৰিষদীয় নিৰ্বাচনক লৈ চলিছে গৰম বতাহ৷ বিভিন্ন ৰাজনৈতিক দল সমূৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে ইতিমধ্যে নিজ নিজ পৰিষদীয় সমষ্টি দখল কৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে৷ বি টি চিৰ প্ৰধান ৰাজনৈতিক দল বি পি এফ, ইউ পি পি এল, বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে নিৰ্বাচনত জয়লাভ কৰাৰ উদ্দেশ্যে টঙালি বান্ধিছে কঁকালত৷ বিশেষকৈ বি পি এফ, ইউ পি পি এল, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে তীব্ৰ গতিত চলাইছে আগতীয়াকৈ নিৰ্বাচনী প্ৰচাৰ৷ ইপিনে ৰাজনৈতিক দল সমূহৰ সামন্তৰালে ১ নং পৰিষদীয় সমষ্টিত তীব্ৰ গতিত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে নিৰ্দলীয় প্ৰাৰ্থী প্ৰানেশ্বৰ গয়াৰী৷ মঙলবাৰে পৰিষদীয় সমষ্টিটোৰ মদাতী ভি চি ডি চিৰ বিভিন্ন গাঁৱত প্ৰানেশ্বৰ গয়াৰীয়ে ভোটাৰ সকলৰ ঘৰত উপস্থিত হৈ ভোটাৰ সকলৰ আকৰ্ষিত কৰাৰ অভিযানত নামি পৰা পৰিলক্ষিত হয়। প্ৰানেশ্বৰ গয়াৰীয়ে ভোটাৰ সকলক সাক্ষাৎ কৰি আগন্তুক পৰিষদীয় নিৰ্বাচনত উপযুক্ত প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়৷ প্ৰানেশ্বৰ গয়াৰী বি পি এফ কৰ্মী আছিল যদিও পৰিষদীয় নিৰ্বাচনত বি পি এফ দলৰ পৰা টিকট লাভ নকৰাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰানেশ্বৰ গয়াৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়যুক্ত কৰিব বুলি দৃঢ়তাৰে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে আৰু কয় যে তেওঁ ৩৫ শতাংশ সংখ্যালঘু ৰাইজৰ ভোট লাভ কৰিবলৈ সক্ষম হ’ব।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়যুক্ত হ’লে প্ৰানেশ্বৰ গয়াৰীয়ে ৰাইজৰ লগত আলোচনাত মিলিত হৈ ৰাইজৰ সিদ্ধান্ত মৰ্মে কোনো এটা দলক সমৰ্থ জনাব বুলিও জানিবলৈ দিয়ে। ইপিনে বি পি এফ দলৰ ১৭ বছৰীয়া শাসন কালত বি পি এফ দলে বি টি চিত কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰি এইগৰাকী যুৱকে বি পি এফ দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী প্ৰানেশ্বৰ গয়াৰীক সমৰ্থন জনাবলৈ ওলাই অহাও দেখিবলৈ পোৱা গৈছে।