নিউজ ডেস্ক : টকীঅ অলিম্পিকৰ পৰা ভাৰতৰ বাবে আহিছে ভাল খবৰ। ভাৰতৰ খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে টকীঅ অলিম্পিকত। ভাৰতৰ হৈ টকীঅ অলিম্পিকত প্ৰথমটো পদক অৰ্জন কৰিছে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুয়ে। টকীঅ অলিম্পিকত ৰূপৰ পদক অর্জন কৰিছে মীৰাবাই চানুয়ে।

টকীঅ অলিম্পিক ২০২০ ৰ পদক তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত হৈছে। ভাৰতলৈ এই গৌৰৱ কঢ়িয়াই আনিছে মণিপুৰৰ খেলুৱৈয়ে। ভাৰোত্তোলক মীৰাবাই চানুয়ে ৰূপৰ পদক অৰ্জন কৰি টকীঅ অলিম্পিক ২০২০ ৰ পদকৰ তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত কৰিছে। ভাৰতৰ মহিলা ভাৰোত্তোলক মীৰাবাই চানুয়ে ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে অলিম্পিকত ভাৰোত্তোলনত পদক অৰ্জন কৰা মণিপুৰৰ মীৰাবাই চানু ভাৰতৰ দ্বিতীয় গৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে ২০০০ চনত চিডনী অলিম্পিকত ভাৰোত্তোলনত পদক অৰ্জন কৰিছিল কৰ্ণম মল্লেশ্বৰীয়ে।চিডনী অলিম্পিকত কৰ্ণম মল্লেশ্বৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। মীৰাবাই চানু ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী মহিলা খেলুৱৈ।