অভায়াপুৰী : সৃজনগ্ৰামত অব্যাহত আছে চোৰৰ সন্ত্ৰাস। দিন দুপৰতে চোৰে সৃজনগ্ৰামৰ চলাছে চাফাই অভিযান। আমবাৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ টিলাপাৰা গাঁৱৰ দুই পৰিয়ালৰ ঘৰত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান

বঙাইগাঁও জিলাৰ অভায়াপুৰীৰ অন্তৰ্গত সৃজনগ্ৰামত প্ৰথমে ছৰিজুল ইছলাম নামৰ এজন লোকৰ ঘৰত চোৰে দৰ্জাৰ তলা ভাঙি ঘৰত সোমাই লৈ যায় প্ৰায় এক লাখ টকাৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰ। ছৰিজুল ইছলামে গৃহ নিৰ্মাণৰ লগতে নতুন কৈ ক্ৰয় কৰা ট্রেক্টৰৰ মাহিলি কিষ্টি দিবৰ বাবে ঘৰত সাচি ৰাখিছিল টকাখিনি।

ইয়াৰ পিছত আকৌ ৰেজাক আলী নামৰ অন্য এজন লোকৰ ঘৰৰ খিড়িকী ভাঙি চোৰে লুটি নিয়ে ১৬০০ টকা। চোৰটো পৰিয়ালৰ লোক এজনে প্ৰত্যক্ষ কৰে যদিও আটক কৰাত ব্যৰ্থ হয়। বৃহৎ পৰিমাণৰ টকা চোৰে লুটি নিয়াত উপায়ন্তৰ হৈ পৰিছে পৰিয়ালৰ লোকসকল।