ৰঙিয়া, ১১ ছেপ্টেম্বৰঃ পৃথক বড়োলেণ্ডৰ গঠনৰ দাবীত এবছুৱে ৰঙিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এবছুৱে ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাত ৰাজপথত শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে। উল্লেখ্য যে, পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত আজি এবছুৱে অসম বন্ধৰ আহ্বান জনাইছিল। ইয়াৰে অংশহিচাপে ৰঙিয়াৰ দলেগাঁৱত এবছুৰ শতাধিক কৰ্মীয়ে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত অৱৰোধস্থলীত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়। প্ৰশাসনৰ হেঁচাতহে প্ৰতিবাদকাৰীসকলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথটো মুকলি কৰি দিয়ে।