গুৱাহাটী : এতিয়াও উত্তপ্ত হৈ আছে অসম-মিজোৰাম সীমান্ত। দুই ৰাজ্যৰ মাজত থকা দীর্ঘদিনীয়া সীমা বিবাদ যোৱা সোমবাৰে হিংসাত্মক ৰূপ ধাৰণ কৰে। মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত গুলী চলনা কৰি অসম আৰক্ষীৰ ৬ জনকৈ আৰক্ষী জোৱানক হত্যা কৰে। দুই ৰাজ্যৰ সীমা বিবাদ ৰক্তাক্ত ৰূপ ধাৰণ কৰাৰ পিছৰে পৰা দুই ৰাজ্যৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটিছে।

কাছাৰৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত অসমৰ ৬ জনকৈ জোৱান শ্বহীদ হোৱাৰ পিছতে অসমে মিজোৰামৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অসমে মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত এতিয়া মিজোৰামে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

অসমে অসম-মিজোৰাম সীমান্তত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগত মিজোৰামে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মিজোৰামৰ কোলাছিব জিলাৰ ভেইৰেঙতত অসমৰ হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগত মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ চৰিগৰাকী আৰক্ষী বিষয়া আৰু দুগৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে যোৱা সোমবাৰে মিজো আৰক্ষীয়ে অসম কাছাৰৰ লাইলাপুৰ অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীৰ ওপৰত গুলী চালনা কৰি ৬ জনকৈ অসম আৰক্ষীৰ জোৱানক হত্যা কৰিছিল।