শিৱসাগৰ ছুইমিং ছ’চাইটিৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

In ৰাজ্য
Umra Package

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ : শিৱসাগৰ পুৰণা আমোলাপট্টি গোহাঁই চুকত অৱস্থিত শিৱসাগৰ ছুইমিং ছ’চাইটিৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা ছুইমিং পুলত প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰশিক্ষাৰ্থীসকলে সামান্য অনুশীলন কৰে।

শিৱসাগৰ ছুইমিং ছ’চাইটিৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰশিক্ষাৰ্থী, অভিভাৱক আৰু পুলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত কে’ক কটা পৰ্বৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলক উপহাৰ প্ৰদান কৰা হয়। ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত শিৱসাগৰ ছুইমিং ছ’চাইটিয়ে সুনাম অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

অলপতে এই ছ’চাইটিৰ প্ৰশিক্ষাৰ্থী বাচিত আহমেদ আৰু আদিত্য থাপাই বাংগালুৰুৰ আৰ্মি একাডেমিত উন্নত প্ৰশিক্ষণৰ বাবে সুবিধা লাভ কৰিছে।অনুষ্ঠানত অসম ছুইমিং ছ’চাইটিৰ সভাপতি ৰঞ্জিৎ বৰগোহাঁই, শিৱসাগৰ ছুইমিং ছ’চাইটিৰ সম্পাদক অমূল্য বৰুৱা, প্ৰশিক্ষকদ্বয় পলাশ বৰুৱা, পংকজ চেতিয়াকে প্ৰমুখ্যে কৰি অভিভাৱক-প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে।

You may also read!

Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত

Read More...

Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি

নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও

Read More...

Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা

গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান

Read More...

Mobile Sliding Menu