গুৱাহাটী, ১৭ অক্টোবৰঃ মহানগৰীৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী মডেলক গুৱাহাটীৰ মাজমজিয়াত এটা উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মডেল তথা বেডমিন্টন খেলুৱৈ কৃষ্টি দাসক সোমবাৰে সন্ধিয়া গুৱাহাটীৰ মাজমজিয়াৰ খ্ৰীষ্টানবস্তিৰ মিজোৰাম হাউছৰ ওচৰত বিশ জনীয়া উদণ্ড যুৱকৰ দলে ভূমিৰ বিবাদক কেন্দ্ৰ কৰি প্ৰহাৰ কৰে৷ যুৱকৰ দলটোৱে প্ৰথমে কৃষ্টিক অশ্লীন ভাষাৰে গালি গালাজ কৰাৰ লগতে মোবাইলটো কাঢ়ি লয়৷ যুৱক কেইজনে কৃষ্টিৰ মূৰত লোৰ ৰডেৰে প্ৰহাৰ কৰাৰ লগতে ভৰিৰে লঠিয়াই আক্ৰমণ কৰে৷ যুৱকৰ দলটোৰ প্ৰহাৰত কৃষ্টি গুৰুতৰ ভাবে আঘাট প্ৰাপ্ত হয়৷ কৃষ্টিয়ে সদৰি কৰা মতে যুৱকৰ দলটোৱে তেওঁলোকৰ সম্পতিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা কাৰ্য্যক প্ৰতিবাদ কৰাৰ কাৰণে তেওঁৰ ওপৰত এই আক্ৰমণ কৰা হয়৷ কৃষ্টিয়ে ঘটনাৰ সন্দৰ্ভত সকলো তথ্য পূৰ্বেই আৰক্ষীক অৱগত কৰাৰ লগতে যুৱক কেইজনৰ পৰিচয়ো আৰক্ষীৰ আগত সদৰি কৰাৰ পিছতো আৰক্ষী সময়ত ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে৷ উল্লেখ্য যে, কৃষ্টি দাসে মিছেচ ইণ্ডিয়া হোমমেকাৰ ২০১৭ৰ খিতাপ অৰ্জনৰ লগতে মিছেচ ইউনিৰ্ভাছ ২০১৭তো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত কৃষ্টিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কাম কৰি আছে৷ ইয়াৰ উপৰি কৃষ্টিয়ে বেডমিন্টনতো ভাৰতক প্ৰতিনিধিত্ব কৰিছে৷