যোৰহাট, ১৭ অক্টোবৰঃ এছ’চিয়েটেড এলক’হল এণ্ড বেভাৰেজ লিমিটেডে চৰকাৰৰ নতুন আৱকাৰী নীতিৰ অধীনত দেশীয় সুৰা প্ৰস্তুত কৰি বিজ্ঞানগাৰত পৰীক্ষা নকৰোৱাকৈ অবাধ প্ৰচলন চলোৱাৰ দাবী উত্থাপন কৰি নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে যোৰহাটৰ গড়মূৰস্থিত এছ’চিয়েটেড এলক’হল এণ্ড বেভাৰেজ লিমিটেডৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে সদৰি কৰা মতে, অসম চৰকাৰে আৱকাৰী ৰাজহৰ পৰিমাণ বৃদ্ধিৰ বাবে দেশীয় সুৰাৰ অনুজ্ঞাপত্ৰৰ কাম হাতত লোৱাৰ সুযোগ গ্ৰহণ কৰি কোম্পানীটোৱে অবাধে দেশীয় সুৰা প্ৰস্তুত কৰি বিনা বাধাই বজাৰত বিক্ৰিৰ বাবে দিছে৷ তদুপৰি এলক’হল এণ্ড বেভাৰেজ লিমিটেডে তৈয়াৰ কৰা সুৰা কোনো বিজ্ঞানগাৰত পৰীক্ষা নকৰোৱাকৈ বজাৰত বিক্ৰিৰ বাবে দিছে৷ কোম্পানীটোৰ এই কাৰ্য্যই অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি সমিতিয়ে অভিযোগ তুলি আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ কথা জানিবলৈ দিয়ে৷ নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদস্থলীৰ পৰা এছ’চিয়েটেড এলক’হল এণ্ড বেভাৰেজ লিমিটেডৰ সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে শীঘ্ৰে দাবীসমূহ মানি নললে পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷