নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ জুলাই : মোডী নেতৃত্বাধীন চৰকাৰ গঠনৰ পিছৰ পৰাই দেশত দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে নতুন নতুন পৰিকল্পনা। এইবাৰ‘অপাৰেশ্যন ক্লীন’ ৰ শ্লোগান ব্যৱহাৰ কৰি যিসকল আৰক্ষী বিষয়া আৰু জোৱানে নিজৰ কাম নিষ্ঠা সহকাৰে কাম নকৰে বা ভ্ৰষ্টাচাৰী, তেন্তে সেই বিষয়াসকলক অব্যাহতি দিয়া হ’ব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে।

মোদী চৰকাৰৰ এই নিৰ্দেশনা পিছতে এতিয়া তৎপৰ হৈছে দিল্লী চৰকাৰ। ১৯ জুলাই তাৰিখে এই নিৰ্দেশ জাৰি কৰাৰ পাছতেই দিল্লী আৰক্ষীৰ  ভিজিলেন্স বিভাগে দিল্লী আৰক্ষীৰ আৰু ডিচিপিলৈ প্ৰেৰণ কৰে বিশেষ জাননী। য’ত আৰক্ষী বিষয়া-কৰ্মচাৰীৰ ওপৰত ভ্ৰষ্টাচাৰ, কৰ্তব্যত হেমাহীৰ অভিযোগ থাকিলে, তেওঁলোকক বিভাগৰটোৰ পৰা বাহিৰ কৰি দিয়া হ’ব বুলি উল্লেখ কৰা আছে। লগতে আৰক্ষী বিভাগৰ যিসকল বিষয়া- কৰ্মচাৰীৰ ওপৰত এই ধৰণৰ দু্নীতিৰ অভিযোগ আছে বা ভবিষ্যতে দুৰ্নীতিত লিপ্ত হ’লে তেওঁলোকে লগতে ভৰিব লাগিব বৃহৎ পৰিমানৰ জৰিমনা।

উল্লেখ্য যে, দিল্লীৰ আৰক্ষী বিভাগত প্ৰায় ৮৫ হাজাৰৰো অধিক বিষয়া-জোৱান কৰ্মৰত। ইয়াৰে কেইবাগৰাকীৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ আছে। ভিজিলেন্স বিভাগৰ এই নিৰ্দেশৰ পাছত এতিয়া জনসাধাৰণৰ আৰক্ষীৰ প্ৰতি থকা মনোভাৱ সলনি হ’ব বুলি অনুমান কৰা হৈছে।