জনীয়া, সংবাদ ৩৬৫, ২৫ জুলাই : জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লাচাংগা, বেছিমাৰী, মোৱামাৰী, কাউৰঝাহি, কাছুকাটি, গলীয়া, শ্ৰীৰামপুৰ এই গাঁও কেইখনত মাইকিঙৰ কৰাৰ পিছত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল। তাৰ পিছত বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশত পঞ্চায়ত প্ৰতিনিধিৰ তৎপৰতাত যন্ত্ৰ চালিত নাৱৰ জৰিয়তে অঞ্চলৰ গাওঁবুঢ়া, লাটৰ মণ্ডল আৰু স্থানীয় ৰাইজে গোটেই ৰাতি কষ্ট কৰি ২,৫০০ মানুহ চৰ অঞ্চলতৰ পৰা উদ্ধাৰ কৰে। আৰু লগতে গৰু , ছাগলী, মহ নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰে যদিও নৈপৰীয়া ৰাইজৰ সা-সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে।

ইফালে খাদ্যৰ অভাৱত বহু পশুধনৰ ইতিমধ্যে মৃত্যু হোৱা দেখা গৈছে। কিন্তু ৰাইজে প্ৰশাসনক বাৰে বাৰে পশুধনৰ খাদ্য যোগানৰ দাবী দিয়াৰ পিছতো এতিয়ালৈ পশুধনৰ খাদ্যৰ লগতে মানুহৰ খাদ্যৰো যোগান ধৰা নাই। যাৰ ভূক্তভোগী ৰাইজে গোটেই ৰাতি উজাগৰে পশুৰ লগত সহৱস্থান কৰি অনাহাৰে থাকিব লগা হৈছে।