গুৱাহাটী, ৭ জুনঃ গুৱাহাটী মহানগৰীত চিআইডি অভিযানত ২০ লাখ টকা মূল্যৰ বিদেশী চিগাৰেট উদ্ধাৰ। বহিঃৰাজ্যলৈ চোৰাংকৈ নিয়াৰ পথত চিআইডিৰ জালত পৰিল ট্ৰাকসহ বিদেশী চিগাৰেট। মহানগৰীৰ লাখৰাস্থিত গোপালথান পাৰ্কিংৰ পৰা নাগালেণ্ডৰ পঞ্জীয়নকৃত এখন ট্ৰাক পৰা  চিআইডিয়ে উদ্ধাৰ কৰে ৩৬ কাৰ্টুন বিদেশী চিগাৰেট। কয়লা ভৰ্তি ট্ৰাকখনৰ মাজত এই ৩৬ কাৰ্টুন চিগাৰেট লুকুৱাই বহিঃৰাজ্যলৈ নিয়াৰ সময়তে ট্ৰাকখন বেয়া হোৱাত গোপালথান পাৰ্কিংত ৰখাই মেৰামতি কৰিবলৈ লওঁতে চিআইডিৰ জালত পৰে৷ চিআইডিয়ে এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি গোপালথান পাৰ্কিংত অভিযান চলাই চোৰাং চিগাৰেটখিনি জব্দ কৰে। অৱশ্য ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে সুযোগ বুজি পলায়ন কৰে। চিআইডিয়ে জানিবলৈ দিয়া মতে এই ২০ লক্ষাধিক মূল্যৰ চিগাৰেট খিনিৰ মূল্য বহিঃৰাজ্যত ৪০ লাখতকৈও অধিক হ’ব। চিআইডিয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰা হোৱা নাই।