হাটশিঙিমাৰী, ৭ জুনঃ দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা কেইবাটাও গৰু জব্দ কৰা হয়৷ ভাৰত-বাংলাদেশৰ উন্মুক্ত সীমান্তৰে সৰবৰাহ কৰোতে বিএছএফ জোৱানে ৭৪ টা গৰু জব্দ কৰে৷ প্ৰাপ্ত তথ্য মতে, আন্তৰাষ্ট্ৰীয় গৰু সৰবৰাহকাৰীয়ে উন্মক্ত সীমান্তৰ মাজেৰে গৰু কেইটা বাংলাদেশলৈ সৰবৰাহ কৰিছিল৷ ১৭৪ বি আন বি এছ এফে তথ্য লাভ কৰি অভিযান চলাই গৰু কেইটা জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে গৰু সৰবৰাহকাৰী দলটো পলায়ন কৰে৷ সৰবৰাহকাৰীসকলক বিচাৰি বিএছএফ জোৱানে অভিযান অব্যাহত ৰাখিছে৷