গুৱাহাটী, ২৫ এপ্রিলঃ : এফালে দেশ ৰক্ষা বাবে নিজৰ প্ৰাণৰ আহুতি দিছে আৰু আনফালে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে চি আৰ পি এফৰ জোৱান। সুকমাত মাওবাদীৰ আক্ৰমণত চি আৰ পি এফৰ ২৪ জনকৈ জোৱানে প্ৰাণ হেৰুৱাৰ ঘটনাই সমগ্ৰহ দেশত চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে মেঘালয়ত চি আৰ পি এফৰ জোৱানৰ কাণ্ডই লজ্জিত কৰিছে সকলোকে। ৰাষ্ট্ৰীয় ঘাইপথ ৬ত নিৰাপত্তাৰ বাবে মেঘালয় চৰকাৰ দ্বাৰা নিয়োজিত চি আৰ পি এফৰ জোৱান ব্যস্ত হৈ পৰিছে অবৈধ ধন তোলাত। দিনে নিশাই ৰাষ্ট্ৰীয় ঘাইপথ ৬ত চি আৰ পি এফৰ জোৱানে ট্ৰাক চালকৰ পৰা চেকিঙৰ নামত অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই দৰে অবৈধ ধন সংগ্ৰহ কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ সঘনাই সৃষ্টি হয় তীব্ৰ যান-জঁট৷। মেঘালয় পুলিচৰ সহযোগত চি আৰ পি এফ জোৱানৰ ৰাষ্ট্ৰীয় ঘাইপথ ৬ত যান-জঁটৰ ফলত ঘণ্টাৰ পিছত ঘন্টা ধৰি পথত আবদ্ধ হৈ থাকিব লগাত পৰে সাধাৰণ ৰাইজ। চি আৰ পি এফৰ জোৱানৰ এই অবৈধ ধন সংগ্ৰক দিনক দিনে বৃদ্ধি পাব ধৰিছে বুলি ট্ৰাক চালকসকলে অভিযোগ কৰে। এই অবৈধ ধন সংগ্ৰহৰ বিৰোধিতা কৰিলে জোৱানসকলে আনকি মাৰপিট কৰাৰো অভিযোগ তোলে ট্ৰাক চালকসকল।মেঘালয় পুলিচৰ লগত লগ লাগি চি আৰ পি এফৰ জোৱানৰ ধন সংগ্ৰহৰ ফলত ট্ৰাক চালকসকল অতিষ্ঠ হৈ পৰিছে বুলি ট্ৰাক চালকসকল জানিবলৈ দিয়ে।