শিৱসাগৰ, ২৫ এপ্ৰিলঃ পৰিৱৰ্তনৰ প্ৰতিশ্রুতি দি শাসনত বহা বিজেপি চৰকাৰৰ দিনত শিৱসাগৰত চলিছে তেল গেছ নিগমত মুকলি চিণ্ডিকেতৰাজ্য। যাক কেন্দ্ৰ কৰি সম্প্রতি শিৱসাগৰত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ শাসন কালত চলি থকা চিণ্ডিকেতৰাজ বন্ধ কৰাৰ নিদের্শ জাৰি কৰাৰ সময়তে বর্তমানো শিৱসাগৰত দুনীতি আৰু চিণ্ডিকেতৰাজ নিমূলকৰিবলৈ সক্ষম হোৱা নাইবিজেপি দলটো। অতি আচৰিতভাৱে অ’এনজিচিৰ ঠিকাক কেন্দ্ৰ কৰি বিজেপি দলৰ একাংশ পালিনেতাই চিণ্ডিকেত আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্বয়ং আৰক্ষী আৰু কেন্দ্রীয় উদ্যোগীক সুৰক্ষণ বাহিনীৰ সন্মুখতে চলাইছেচিণ্ডিকেতৰাজ। শিৱসাগৰঅ’এনজিচিত পুনৰ চলিছেনিবিদাক লৈ চিণ্ডিকেত। অ’এনজিচিৰ ঠিকাক কেন্দ্ৰ কৰি বিজেপি দলৰ পালিনেতাই এই চিণ্ডিকেত আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। চক্রটোৱে ঠিকাদাৰক পেলাব দিয়া নাইনিবিদা পত্র। চক্ৰটোৱে বলপ্রয়োগ কৰি ভাবুকিৰে অ’এনজিচিৰ ঠিক কামৰ নিবিদাপ্রদান কৰাত বাধা দিছে একাংশ ঠিকাদাৰক। শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা অ’এনজিচিৰ ডি বিজি গেটৰ সন্মুখত আজি ৬৬ লাখটকীয়া ঠিকাৰ নিবিদা আহবানত সংঘটিত হ’ল চিণ্ডিকেতৰাজ। উল্লেখ্য যে, কালিৰ পৰা অ’এনজিচিৰ পুজিৰে নিৰ্মাণ হবলগীয়া বিভিন্ন কামৰ বাবে নিবিদা আহবান কৰা হৈছিল। এই নিবিদাই-টেণ্ডাৰিঙৰ উপৰিও নিবিদাৰ কাগজ সংশ্লিষ্ট বাকচত দিলেহে নিবিদা প্ৰদানৰ ব্যৱস্থা সম্পূর্ণ হয়। এইচক্রটোৱে একাংশ ঠিকাদাৰক নিবিদাৰ কাগজ প্রদানত বাধা প্রদান কৰি এক আইন-শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি কৰে। উত্থাপিত অভিযোগ অনুসৰি শিৱসাগৰৰ একাংশবিজেপি নেতাৰ নামলৈ দুইপালিনেতাই এই চিণ্ডিকেতৰ পোষকতা কৰিছে। আন নালাগেবিজেপিৰ দলীয় পুজিৰ বাবে প্ৰতিটো কামৰ বিপৰীতে ১০ শতাংশ ধন দাবী কৰাৰো গুৰুতৰ অভিযোগ উঠিছে এই চিণ্ডিকেত চক্ৰৰ বিৰুদ্ধে। চক্ৰটোৱে অ’এনজিচিৰ ঠিকাদাৰসকলক হোটেল বৃন্দাবনলৈ মাতিনিবিদাৰকাগজ জমা নিদিবলৈ কাৰা নিদের্শ প্রদান কৰি মুষ্টিমেয় ঠিকাদাৰক ঠিক কাম প্ৰদানৰ দায়িত্ব লৈছিল। পচন্দ ঠিকাদাৰক ঠিক অৰ্পণ কৰি চক্ৰটোৱে বহু লাখ টকা আদায় কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শিৱসাগৰত বিজেপি দলৰ একাংশ তথাকথিত নেতাই অ’এনজিচিৰ ঠিক কামক লৈ আৰম্ভ কৰা চিণ্ডিকেতৰাজ নিকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিমূল কৰিব পৰিবনে ? এইয়া জনসাধাৰণৰ প্রশ্ন ?