গুৱাহাটী, ২ জুলাই, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৬ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Six districts and sub division under water)। বজালী, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ আৰু কোকৰাঝাৰ এতিয়াও বছৰৰ প্ৰথমটো বানৰ কবলত।

প্ৰথমটো বানত বর্তমানেও প্ৰভাৱিত হৈ আছে ১ হাজাৰ ৫৩৯ জন লোক। বছৰৰ প্ৰথমটো বানত সর্বসাধিক লোক প্ৰভাৱিত হৈছে লখিমপুৰ আৰু নলবাৰী জিলাৰ লগতে বজালী আৰু তামুলপুৰ মহকুমাত। ৫৬৯ হেক্টৰ কৃষিভূমি এতিয়াও বাঢ়নী পানীৰ তলত। বছৰৰ প্ৰথমটো বানে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলা আৰু মহকুমাত। বিশেষকৈ লখিমপুৰ আৰু নলবাৰী জিলাৰ লগতে বজালী আৰু তামুলপুৰ মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীত ডুব যোৱাত বিস্তৰ ক্ষতি সাধন হৈছে।

লখিমপুৰৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত দ’লহাটৰ শলমাৰীত শিঙৰা নদীৰ মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছিল বাঢ়নী পানীত। কিছুদিন পূৰ্বে নাওবৈচাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল বছৰৰ প্ৰথমটো বানে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছিল বান প্ৰভাৱিত লোকে। পাহাৰীয়া উৎসৰ পৰা বৈ অহা শিঙৰা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছিল বহু লোকৰ ঘৰ। শিঙৰা নদীৰ বাঢ়নী পানীয়ে লখিমপুৰত সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পাইছিল।

সম্প্ৰতি ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ ৬ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছিল নলবাৰী জিলাৰ বিস্তীৰ্ণ অঞ্চলত। জিলাখনত বহু গাঁও বুৰাই পেলাইছিল পাগলাদিয়াৰ পানীয়ে। লখিমপুৰ আৰু নলবাৰী জিলা দুখনৰ পিছতে বানপানীৰ ফলত সৰ্বাধিক প্ৰভাৱিত হোৱা মহকুমা দুটা হৈছে বজালী আৰু তামুলপুৰ। চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও বান প্ৰভাৱিত জিলা আৰু মহকুমা কেইখন হৈছে বজালী, ধেমাজি, কামৰূপ, যোৰহাট, গোলাঘাট আৰু কোকৰাঝাৰ।

বান প্ৰভাৱিত জিলা আৰু মহকুমা কেইখনৰ ৯ টা ৰাজহ চক্ৰৰ ১০০ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে। প্ৰথমটো বানত বর্তমানেও ১ হাজাৰ ৫৩৯ জন লোক প্ৰভাৱিত হৈছে। ইয়াৰে সর্বসাধিক ৯৩৬ জন বৰপেটাৰ। আনহাতে ৫৬৯ হেক্টৰ কৃষিভূমি বৰ্তমানেও বাঢ়নী পানীৰ তলত আছে। বছৰৰ প্ৰথমটো বানপানীত বৰ্তমানলৈকে ৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে যদিও বৰ্তমান ৰাজ্যৰ নৈ-উপনৈ সমূহ বিপদ সীমাৰ তলেৰে বৈ আছে।