গুৱাহাটী, ৪ জুলাই, ২০২৩ : মহানগৰীত জঘন্য ধর্ষণকাণ্ডৰ ঘটনা (Rape Case in Guwahati)। মাতৃ আৰু কন্যাক ধর্ষণ কৰিলে ৮ টা পাষণ্ডই। ৬৫ বছৰীয়া মাতৃৰ লগতে ২২ বছৰীয়া কন্যাক পাষণ্ড ৮ টা ধর্ষণ কৰাৰ লগতে চলাইছিল নিৰ্যাতন। ৪ টা পাষণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ৪ টা বৰ্তমানেও পলাতক অৱস্থাত আছে।

এক জঘন্য ধর্ষণকাণ্ডৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। এগৰাকী ৬৫ বছৰীয়া মাতৃৰ লগতে ২২ বছৰীয়া কন্যাক ৮ টা পাষণ্ডক ধর্ষণ কৰি নিৰ্যাতন চলায়। যোৱা ১৭ মে’ত সংঘটিত হোৱা এই জঘন্য ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। যোৱা ১৭ মে’ত এই জঘন্য ধর্ষণকাণ্ডৰ ঘটনা সংঘটিত হৈছিল মহানগৰী গুৱাহাটীৰ সাতগাঁও অঞ্চলত।

জানিব পৰা মতে ১৭ মে’ৰ নিশা ৮ টা পাষণ্ডৰ দলটোৱে মাতৃ আৰু কন্যাৰ ঘৰৰ দুৱাৰ ভাঙি মাতৃ আৰু কন্যাক ধর্ষণ কৰাৰ লগতে যৌনাংগত জলকীয়াৰ গুড়ি লগাই নিৰ্যাতন চলাইছিল। পাষণ্ডৰ দলটোৰ ধর্ষণ আৰু নিৰ্যাতনৰ বলি হোৱা ৬৫ বছৰীয়া মাতৃ আৰু ২২ বছৰীয়া কন্যাক স্থানীয় ৰাইজে পুৱাৰ ভাগত অচেতন অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মাতৃ আৰু কন্যাক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

ধৰ্ষণৰ বলি হোৱা ৬৫ বছৰীয়া মহিলা গৰাকী দিব্যাংগ। জানিব পৰা মতে ৬৫ বছৰীয়া দিব্যাংগ মহিলা গৰাকীৰ ২২ বছৰীয়া কন্যা গৰাকী বিবাহ বিচ্ছেদিত। স্থানীয় ৫৫ বছৰীয়া অৰুণ প্ৰধান নামৰ এজন লোকৰ লগত মহিলা গৰাকীৰ কন্যাৰ অবৈধ সম্পৰ্ক আছিল। ইয়াকেলৈ ক্ষোভিত হৈ আছিল অৰুণ প্ৰধানৰ পুত্ৰ অমিত প্ৰধান। ১৭ মে’ৰ নিশা অমিত প্ৰধানে ৭ টা পাষণ্ডক লগত লৈ ৬৫ বছৰীয়া মহিলা গৰাকীৰ ঘৰৰ দুৱৰা ভাঙি ঘৰত প্ৰৱেশ কৰি মাতৃ আৰু কন্যাক ধর্ষণ কৰি নিৰ্যাতন চলায়। এই জঘন্য ধর্ষণকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৫৬/২৯৮/৩৫৪/৩৫৪ (বি) ধাৰাত অধীনত ৯২/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে ইতিমধ্যে এই জঘন্য ধর্ষণকাণ্ডৰ মূল অভিযুক্ত অমিত প্ৰধানক গ্ৰেপ্তাৰ কৰিছে। অমিত প্ৰধানৰ লগতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ছায়া প্ৰধান, সন্ধ্যা সোণাৰ আৰু বিমল ছাত্ৰীকো গ্ৰেপ্তাৰ কৰিছে। ইফালে এই সমগ্ৰ ঘটনা গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছে সাতগাঁও আৰক্ষীৰ ওপৰত। স্থানীয় ৰাইজৰ লগত ভুক্তভোগী মাতৃ আৰু কন্যাক ঘটনা সন্দৰ্ভত মুখ বন্ধ ৰখাৰ বাবে আৰক্ষীয়ে হেঁচা প্ৰদান কৰাৰো অভিযোগ উঠিছে।