গুৱাহাটী : ২৪ ঘণ্টাত ৰাজ্যত ৩ হাজাৰতকৈ অধিক লোক আক্রান্ত হৈছে ক’ভিডত। বুধবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈছে ৩ হাজাৰ ২৭৪ জন লোক। মৃত্যুৰ হৈছে ৪ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৭৩১ জন।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত ৬.৫৬ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। বুধবাৰৰ দিনটোত ৰাজ্যত মুঠ ৪৯ হাজাৰ ৯১৫ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৩ হাজাৰ ২৭৪ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ৪ জন ক’ভিড আক্রান্ত লোক। বুধবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৭৩১ জন। বুধবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত।

১ হাজাৰ ১৩৮ জন লোক কামৰূপ মহানগৰ জিলাত বুধবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়। কামৰূপ মহানগৰ জিলাৰ পিছতে আছে কাছাৰ জিলা। কাছাৰত আক্রান্ত হৈছে ২৮৭ জন লোক। ইয়াৰ পৰিবৰ্তে যোৰহাট জিলাত ১৭২ জন আৰু কামৰূপ গ্রাম্য জিলাত ১৭২ জন লোক আক্রান্ত হৈছে।

মৃত্যুৰ মুখত পৰা ক’ভিড ৰোগী ৪ জনৰ ভিতৰত ২ জন ডিব্ৰুগড় জিলাৰ, ১ জন কাছাৰ আৰু ১ জন শোণিতপুৰ জিলাৰ। মঙলবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছিল ২ হাজাৰ ৮৩৭ জন লোক। মঙলবাৰে মৃত্যুৰ মুখত পৰা ২ জন ক’ভিড ৰোগীৰ ১ জন নালবাৰী আৰু ১ জন শোণিতপুৰ জিলাৰ আছিল।