গুৱাহাটী : মহানগৰীৰ লাখটকীয়াত জুইত জাহ গ’ল প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত জুই জাহ যায় ৬ টাকৈ ঘৰৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ।

বুধবাৰে মহানগৰী গুৱাহাটীৰ লাখটকীয়াত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দুপৰীয়াৰ ভাগত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ৬ টাকৈ ঘৰ ভস্মীভূত হয়। চেণ্ডলেৰ গুদাম ঘৰ এটাৰ পৰা জুই ৬ টাকৈ ঘৰলৈ বিয়পি পৰে।

ফখৰুদ্দিন আলী আহমেদ ভৱনৰ কাষত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ৬ টা ঘৰৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও গেছ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

অগ্নিকাণ্ড পিছতে অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ জুই নিৰ্বানৰ চেষ্টা চলাই যদিও পিছত অগ্নি নিৰ্বাপক বাহিনীৰ ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি প্ৰচেষ্টা চলাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।