গুৱাহাটী : আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত বগা ওৰফে আনোৱাৰ হুছেইন। ডকাইত বগাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল টেকেলীক। বিজয়নগৰৰ অসম ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পৱন আগৰৱালক আক্ৰমণ কৰি দিন দুপৰতে বগাই লুটি নিছিল ধন।

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কালাতুলী পথাৰত সোমবাৰে নিশাৰ ভাগত কামৰূপ আৰক্ষীয়ে অভিযান চলাই এক বিশেষ সাফল্য লাভ কৰে। আৰক্ষীয়ে ৰাইজৰ সহযোগত অভিযান চলাই পিষ্টলসহ গ্ৰেপ্তাৰ কৰে কুখ্যাত ডকাইত বগা ওৰফে আনোৱাৰ হুছেইনৰ লগতে অন্য এজন ডকাইত টেকেলীক৷ বিজয়নৰ আৰু ছয়গাঁও আৰক্ষীয়ে যৌথ অভিযান চলাই আটক হৈছে ডকাইত বগা ওৰফে আনোৱাৰ হুছেইনক৷

যোৱা ১ আগষ্টত কুখ্যাত ডকাইত বগা ওৰফে আনোৱাৰ হুছেইনে বিজয়নগৰৰ অসম ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পৱন আগৰৱালক দিন দুপৰতে পিষ্টল দেখুৱাই নগদ ধন লুটি নিছিল৷ ডকাইত বগা আৰু তেওঁৰৰ সহযোগীৰ আক্ৰমণত আহত হৈছিল ব্যৱসায়ী পৱন আগৰৱাল৷ উক্ত ঘটনা সংঘটিত কৰি ডকাইত বগা ছয়গাঁৱৰ কালাতুলী (জৰশিমুলু) পথাৰৰ শহুৰৰ ঘৰত আত্মগোপন কৰি আছিল৷

ব্যৱসায়ী পৱন আগৰৱালক আক্ৰমণ কৰি ধন লুটি নিয়াৰ গোচৰৰ তদন্ত চলাই ছয়গাঁও আৰক্ষী আৰু বিজয়নগৰ আৰক্ষীয়ে ৰাইজৰ সহযোগত অভিযান চলাই পিষ্টল আৰু ৯ জাই সজীৱ গুলীসহ আটক কৰে বগাওৰফে আনোৱাৰ হুছেইনক৷ ডকাইত আনোৱাৰ হুছেইনক বৰ্তমান বিজয়নগৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷