আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ : মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ নগৰৰ মাজমজিয়াত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ।

পেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে। পুৱাৰ ভাগতে শিৱসাগৰ নগৰৰ মাজমজিয়াত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ বহু সংখ্যক কৰ্মী তথা বিষয়ববীয়াই শিৱসাগৰ দৌলমুখ চাৰি আলিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰী ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ’লিয়াম মন্ত্ৰীৰ কাম নাই আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।