নলবাৰী : নলবাৰীৰ দুধর্ষ ডকাইত তথা আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড অপৰাধী আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমবাৰে আত্মসমৰ্পণ কৰে আনোৱাৰ হুছেইনে। এসময়ৰ অসম আৰক্ষীৰ কনিষ্টবল আনোৱাৰ হুছেইন পৰৱৰ্তীকালত হৈ পৰিছিল দুধৰ্ষ ডকাইত।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক হাইজেক মাষ্টাৰ মাইণ্ড আছিল আনোৱাৰ হুছেইন। লগতে ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ লগত জড়িত আছিল আনোৱাৰ হুছেইন৷ অসম আৰক্ষীয়ে ম’ষ্ট ৱান্টেড হিচাপে চিহ্নিত কৰা দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইন হৈ পৰিছিল আৰক্ষীৰ মুৰৰ কামোৰণী।

আৰক্ষীৰ নিদ্ৰা হৰণ কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমত আনোৱাৰ হুছেইনে চলাইছিল সন্ত্ৰাস। ১৯৯৬ চনত অসম আৰক্ষীত যোগদান কৰা আনোৱাৰ হুছেইন পৰৱৰ্তী সময়ত ডকাইতিকাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল৷ দুধর্ষ ডকাইত আনোৱাৰ হুছেইনৰ ফটো ৰাজ্যৰ প্ৰায়বোৰ থানাতে আৰি থোৱা আছে৷ অৱশেষত অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড তথা দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইনে সোমবাৰে নলবাৰীৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ ওচৰত আত্মসমৰ্পণ কৰে৷

নলবাৰী জিলাৰ সুৰাদিত ঘৰ আনোৱাৰ হুছেইনৰ৷ অসম আৰক্ষীৰ কনিষ্টবল নলবাৰীৰ আব্দুল ৰৌফ আৰু আনোৱাৰ হুছেইনৰ ভাতৃ তথা আৰক্ষী জোৱান ইনামুল হুছেইনে বুজনি দি আনোৱাৰ হুছেইনক আত্মসমৰ্পণ কৰায় বুলি জানিব পৰা গৈছে৷ আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণত নলবাৰী আৰক্ষীয়ে স্বস্তি লাভ কৰিছে৷