তিনিচুকীয়া : গঠনৰ সাত মাহতেই অচলাৱস্থা তিনিচুকীয়া পৌৰসভাৰ (Tinsukia Municipal)। তিনিচুকীয়া পৌৰসভাত সৃষ্টি হৈছে লবী কেন্দ্ৰিক ৰাজনীতিৰ। যাৰ ফলত এমাহতকৈ অধিক সময় বন্ধ হৈ আছে তিনিচুকীয়া পৌৰসভাৰ কামকাজ।

ৰাজ্যিক বিজেপিৰ সন্মতি সাপেক্ষে নিৰ্বাচনৰ পাছত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি হিছাপে জয়ন্ত বৰুৱা আৰু উপ পৌৰপতি হিছাপে নৱনিতা আগৰৱালাক দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু পত্নী উপ-পৌৰপতি হোৱাৰ সুযোগতে ঠিকাদাৰ স্বামীয়ে পৌৰসভাৰ সকলো কামকাজত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে কঠোৰ হ’বলৈ বাধ্য হয় পৌৰপতি জয়ন্ত বৰুৱা।

পৌৰপতিৰ হস্তক্ষেপত ঠিকাদাৰ নিধিশ আগৰৱালাই নিজৰ উপ পৌৰপতি পত্নীক পৌৰপতিৰ আসনত বহুৱাবৰ বাবে নানা কৌশল প্ৰয়োগ কৰে বুলিও অভিযোগ উত্থাপন হৈছে। লগত আন সুযোগ সন্ধানীয়েও সহযোগ কৰি জয়ন্ত বৰুৱাক আসনৰ পৰা অপসাৰণ কৰাত উঠিপৰি লাগে বুলিও চৰ্চা চলিছে। পৰিস্থিতি এনে প্ৰজাও পালেগৈ যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘলে নানা পন্থা হাতত লৈয়ো শেষ কৰিব পৰা নাই পৌৰসভাৰ বেমেজালি।

পৰিস্থিতি চম্ভালিবলৈ যোৱা ভৱেশ কলিতাৰ সন্মুখতে স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে তীব্ৰ বাকবিতণ্ডাত লিপ্ত হয় পৌৰপতি জয়ন্ত বৰুৱা। অভিযোগ মতে পৌৰপতি আসনৰ ৰাজনীতিত বিধায়ক সঞ্জয় কিষাণো জড়িত। ইফালে যোৱা ২৩ নৱেম্বৰত পৌৰসভাৰ ১৩ জন ৱাৰ্ড সদস্যই পৌৰপতিৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰে।

প্ৰথমতে ৰাজ্যিক বিজেপিয়ে পৌৰসভাৰ অচলাৱস্থা আঁতৰাবলৈ জিলা বিজেপিক দায়িত্ব প্ৰদান কৰিছিল। জিলা বিজেপিয়েও প্ৰথমতে বিষয়টো নিষ্পত্তিৰ বাবে পদক্ষেপ লৈছিল। কিন্তু জিলা বিজেপিয়ে বিষয়টো নিষ্পত্তি কৰাৰ বাদে জিলা বিজেপিৰ সাধাৰণ সম্পাদক তথা পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ সদস্য পুলক চেতিয়াই পৌৰপতি অপসাৰণ পত্ৰত স্বাক্ষৰহে কৰে।

যাৰ বাবে পুলক চেতিয়াৰ বিৰুদ্ধে দলীয় অনুশাসন অমান্য কৰাৰ অভিযোগ উঠে। আনহাতে তিনিচুকীয়া পৌৰসভাৰ অচলাৱস্থা আঁতৰাবলৈ ৰাজ্যিক বিজেপিয়ে গুৱাহাটীত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকৰ সিদ্ধান্তমতে ৰাজ্যিক বিজেপিয়ে পৌৰপতি আৰু উপ পৌৰপতিক পদত্যাগৰ পৰামৰ্শ দিয়ে আৰু ৱাৰ্ড সদস্যসকলকো পৌৰপতি প্ৰতি অনাস্থা প্ৰত্ৰ উঠাই ল’বলৈ নিৰ্দেশ দিয়ে। দলীয় নেতৃত্বৰ নিৰ্দেশক সন্মান জনাই পৌৰপতি আসন পদত্যাগৰ বাবে ইতিমধ্যে জয়ন্ত বৰুৱাই গুৱাহাটীত দলীয় নেতৃত্বক সাক্ষাৎ কৰে। কিন্তু এইক্ষেত্ৰত উপ পৌৰপতি আসন ত্যাগৰ বাবে নাচোৰবান্দা নৱনিতা আগৰৱালা। এইক্ষেত্ৰত স্থিতিত অটল ৱাৰ্ড সদস্যসকলো।

ঠিকাদাৰ নিধিশ আগৰৱালাই পত্নী উপ পৌৰপতি হোৱাৰ সুৱাদত তিনিচুকিয়া পৌৰসভাৰ ঠিকা হস্তগত কৰিবলৈ সক্ষম হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। ইফালে পৌৰপতি জয়ন্ত বৰুৱাই তেওঁৰ কাৰ্যকালৰ কৰ্ম বিৱৰণীত তেওঁ কৰা কামৰ খতিয়ান দাঙি ধৰে। পুৰণি ভঙা গাড়ীবোৰ মেৰামতি কৰাৰ পৰা নলা নৰ্দমা চফা কৰাকে ধৰি, প্ৰধামন্ত্ৰী আৱাস যোজনাৰ গৃহৰ কাম, বিধৱা পেঞ্চনৰ সুন্দৰভাৱে চলি আছিল বুলি পৌৰপতিজনে জনায়। তিনিচুকীয়া নপুখুৰী উদ্যানখন প্ৰায় ৯ কোটি টকা ব্যয়ৰে পুনৰ নিৰ্মান কৰে।

তিনিচুকীয়াত এখন একুৱা পাৰ্ক আৰু এটা প্লেনেটেৰিয়াম আৰু এটা বটানিকেল গাৰ্ডেন প্ৰজেক্টৰ বাবে ইতিমধ্যে ৪০ বিঘা মাটি আৱন্টন কৰিছে। যিটো প্ৰজেক্ট হ’ব ১০০ কোটিৰ। স্বচ্ছতাৰ বাবে তিনিচুকীয়া পৌৰসভাই নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত স্বচ্ছ সংৱেক্ষণ বঁটা লাভ কৰে। পদত্যাগ সন্দৰ্ভত জয়ন্ত বৰুৱাই কয় যে ৩৪ বছৰ তেওঁ বিজেপী দলৰ হৈ কাম কৰি সুখী আৰু যিহেতু তেওঁৰ বিৰুদ্ধে ৱাৰ্ডৰ সদস্যসকলে অনাস্থা পত্ৰ প্ৰেৰণ কৰিলে সেইবাবে আগতীয়াকৈ পদত্যাগ কৰিলে।