গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ : শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত মুছলিম ছাত্ৰ সন্থা,অসমে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁলোকে বিজেপিৰ লগত অগপৰ মিত্ৰতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁলোকে কয় যে অগপ দল আঞ্চলিকতাবাদৰ নামত ভেকো-ভাওনা। সমাগত নিৰ্বাচনত অগপক বৰ্জন কৰক আৰু অসম বচাওক। কাৰণ অগপ দল বিশ্বাসযোগ্য দল নহয় ।

সংবাদমেলত তেওঁলোকে কয় যে আমি অগপক বৰ্জন কৰিছোঁ। অগপই নাটকহে কৰিছিল। ৰাজনৈতিক আৰু অৰ্থনৈতিক লাভালাভৰ বাবে বিজেপিৰ লগ লাগিছে অগপই। তেওঁলোক জাতিদ্রোহী। আগন্তুক দিনত যাতে অগপক কোনেও ভোট প্ৰদান নকৰে তাৰ বাবেও আহ্বান জনাই সন্থাটোৱে।

কেবক লৈ অসমৰ জনগণক ললিপপ খোৱাবলৈহে চেষ্টা কৰিছিল অগপই। নিজ স্বাৰ্থ লাভৰ বাবেহে অতুল আৰু কেশৱে বিজেপিৰ লগত পুনৰ মিত্ৰতাই আঞ্চলিকতাবাদৰ ধ্বংস কৰিছে অগপই। সংবাদমেলত এনেদৰেও মন্তব্য কৰে মুছলিম ছাত্ৰ সন্থা,অসমে।

আনহাতে, সন্থাটোৱে এইবাৰ অসমৰ চহৰ,গাঁও,চৰ-চাপৰি আদিত ভোটাৰ সজাগতা সভাও আয়োজন কৰিব যাতে অসমৰ ৰাইজে সংবিধান আৰু অসমীয়া জাতিৰ কলা-সংস্কৃতি ৰক্ষা আৰু সৰ্বস্থৰৰ উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰে।

ইফালে অসম চৰকাৰৰ পঞ্চায়ত নিযুক্তিৰ তালিকা প্ৰকাশ কৰা কাৰ্যকো গৰিহণা দিয়ে মুছলিম ছাত্ৰ সন্থা,অসমে। সংবাদমেলত তেওঁলোকে কয় যে বিভাগটোৰ বাচনি পৰীক্ষাত বহুত বিসংগতি ঘটিছিল আৰু ৰাইজেও পুনৰ বাছনি পৰীক্ষা পতাৰ দাবী জনাইছিল। তাৰপাছতো কেনেকৈ নিযুক্তি প্ৰদান কৰিছে। সোণোৱাল চৰকাৰৰ অধীনত চাকৰিৰ বাবে লাগে মাথোঁ বিজেপিৰ সদস্য ভৰ্তি। এই নিযুক্তিক অবৈধ বুলি ঘোষণা কৰে মুছলিম ছাত্ৰ সন্থাই আৰু ইয়াৰ ওপৰত তদন্তৰ বাবে দাবী জনাই।

আনহাতে, সংবাদমেলত চূড়ান্ত এন আৰ চি খন প্ৰকাশ কৰিবৰ বাবেও এন আৰ চি কতৃপক্ষক দাবী জনায় মুছলিম ছাত্ৰ সন্থা, অসমে। এন আৰ চিৰ চলিত পুনঃৰীক্ষণ প্ৰক্ৰিয়াত প্ৰায়বোৰ এন এছ কেত সন্থাটোৰ প্ৰতিনিধিয়ে পৰীক্ষণকাৰী দল আৰু ৰাইজৰ লগত মত বিনিময় কৰিছে। সংবাদমেলৰ জৰিয়তে প্ৰতীক হাজেলাক দাবী জনাই তেওঁলোকে কয় যে যিসকল নাগৰিকক বিদেশী বুলি সন্দেহ কৰি পুনঃ ৰীক্ষণৰ নামত হাৰাশাস্তি কৰি থকা হৈছে তাৰ কিমানক বৰ্তমানলৈকে বিদেশী বুলি চিনাক্ত কৰিব পাৰিছে। আচলতে পুনঃ ৰীক্ষণ পৰীক্ষাৰ জৰিয়তে প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ বাহিৰে একো নহয়।