গুৱাহাটী, সংবাদ ৩৬৫ , ১৫ মাৰ্চ : অসমৰ সংস্কৃতি প্ৰেমিক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই মুক্তি পালে এখন নতুন অসমীয়া ছবিৰ গীতৰ কেছেট ” ৰ’দ হৈ আহা তুমি”। মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাৱত মুক্তি দিয়া হয় উক্ত ছবিৰ গীতৰ কেছেট।

গীত সমূহ ৰচনা কৰিছে ৰাজদ্বীপে। সংগীত পৰিচালক পৰাণ বৰকটকী। গীতত কণ্ঠ দান কৰিছে জুবীন গাৰ্গ, অংগৰাগ পাপন মহন্ত, পম্পী গগৈ আৰু মঞ্জুৰী বৰদলৈয়ে। কৰিঅ’ গ্ৰাফ মনোজ দাস আৰু আৰ কে হৰ্ষ।

হাঁহি,কান্দোন,ৰোমাঞ্চ, উৎকণ্ঠা,হিংসা,প্ৰতিশোধ পৰায়নতাৰে ভৰপুৰ ছবিখনৰ দৃশ্যগ্ৰহণ মালয়েছিয়া ছিংগাপুৰৰ উপৰিও অসম আৰু মেঘালয়ৰ সুন্দৰ লোকেশ্বনত কৰা হয়। ইতিমধ্যে ছবিখনৰ সম্পাদনা আৰু দাবিং সম্পূৰ্ণ হৈছে।

ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰকেইটি ৰূপায়ন কৰিছে ক্ৰমে মৃদুলা গোস্বামী,জয়ন্ত দাস,মনালী বৰদলৈ,সিদ্ধাৰ্থ কলিতা,শৰ্মিষ্ঠা চক্ৰৱৰ্তী,মন্মথ বৰুৱা। তপন বৰদলৈ, মৌচুমী বৰদলৈ,পদ্মৰাগ গোস্বামী,ভগৱত প্ৰীতম,মঞ্জুৰী বৰদলৈ,ৰঞ্জন বৰা,নীলিম কুমাৰ নাথ,নিৰ্মল নাথ,প্ৰভাত দত্ত,অৰিন্দম বৰদলৈ,ত্ৰিদীপ দাস,জন ডাফলৰী,নিতুল শৰ্মা,ৰিতু শৰ্মা,জিতুল ৰামচিয়াৰী,জয়ন্ত বৰা,মমী দাস,জ্যোতিপ্ৰসাদ দাস,দীপক মহন্ত,বিমল কুমাৰ বৈশ্য,কমল শৰ্মা,মন্টু গগৈ,কৃষ্ণ ডেকা,পূৰবী শৰ্মা,গোবিন্দ ডেকা,প্ৰদীপ কলিতা,প্ৰতিষ্ঠা ব্ৰক্ষ্ম, শাশ্বতী দেৱনাথ,মনমিতা চক্ৰৱৰ্তী, সংগীতা মিশ্ৰ,হৰিশ দাস,অৰূপ মেধিৰ লগতে মিনু আৰু ইউনিচ ইয়ঙে(চীন)।

প্ৰযোজক মৌচুমী বৰদলৈয়ে জনোৱা মতে এই বছৰত ছবিখনে অসমৰ ৫০ তা চিত্ৰ গৃহত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

অনুষ্ঠানটোত শ্ৰীযুত ৰমেন বৰুৱা আৰু ৰমেন চৌধুৰীয়ে গীতৰ কেছেট উদ্ধোধন কৰে।