হোজাই : হোজাইৰ মিঠাতেল চোৰ ৰাজু দাস জালত পৰিল। অৱশেষত ৰাইজে জালত পেলাবলৈ সক্ষম হল মিঠাতেল চোৰ ৰাজু দাসক। চুৰি কৰি অনা মিঠাতেল বিক্ৰীৰ বাবে নি থকা অৱস্থাত হাতে লোতে ৰাইজে আটক কৰিলে মিঠাতেল ৰাজু দাসক। দীর্ঘদিন ধৰি হোজাইৰ বিভিন্ন অঞ্চলত মিঠাতেল চুৰ কৰি সন্ত্ৰাস চলাই আহিছিল ৰাজু দাস।

হোজাইৰ উদয়পুৰ গোচৰাবস্তিত দেওবাৰে পুৱাৰ ভাগত ৰাইজে ৰাজু দাস নামৰ এজন মিঠাতেল চোৰক আটক কৰিবলৈ সক্ষম হয়। ৰাজু দাসে এখন দোকানৰ পৰা মিঠাতেল চুৰ কৰি আন এজন দোকানত বিক্ৰী কৰিবলৈ নি থকা অৱস্থাত স্থানীয় ৰাইজে ৰাজু দাসক চুৰিৰ মিঠাতেলসহ আটক কৰে।

মিঠাতেল চোৰ ৰাজু দাসক আটক কৰি ৰাইজে উত্তম মাধ্যম সুধাই হোজাই আৰক্ষীক গতাই দিয়ে। ৰাজু দাসৰ কবলৰ পৰা ৰাইজে চুৰিৰ সাত কাৰ্টুন মিঠাতেল উদ্ধাৰ কৰে। মিঠাতেল চোৰ ৰাজু দাসে চুৰিৰ এই সাত কার্টুত মিঠাতেল কঢ়িয়াই নিয়া এখন অটো ভেনো জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে ৰাজু দাস নামৰ মিঠাতেল চোৰজনে হোজাইৰ বিভিন্ন অঞ্চলত মিঠাতেল চুৰ কৰি সন্ত্ৰাস চলাই আহিছিল। হোজাইৰ বিভিন্ন দোকানৰ পৰা মিঠাতেল চুৰ কৰি ৰাজু দাসে গাঁওখনৰ এখন দোকানত বিক্ৰী কৰিছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে চুৰিৰ মিঠাতেল ক্ৰয় কৰা এজন লোকক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।