যোৰহাট : যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত চাৰিজন লোকৰ ২৫ টাকৈ ভাড়া ঘৰ ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে বহু কেইটা ভাড়া ঘৰ।

সোমবাৰে পুৱাই যোৰহাট নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ৰামজী শাহু, অজয় শাহু, কৃষ্ণ শাহু আৰু ৰাজেন্দ্ৰ শাহু নামৰ লোক চাৰিজনৰ ২৫ টাকৈ ভাড়া ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়।

যোৰহাট নগৰৰ পূব প্ৰান্তৰ আনন্দ নগৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ৰামজী শাহু নামৰ লোকজনৰ ভাড়া ঘৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত বহু কেইটা ভাড়া ঘৰ জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডত প্ৰায় ২৫ লাখ টকাৰ জাহ যায় বুলি জানিব পৰা গৈছে।