গুৱাহাটী, ১১ ছেপ্তেম্বৰঃ ভাৰতৰ অন্যতম খৰতকীয়া অটোমোটিভ ব্ৰেণ্ড ৰেনোয়ে গ্ৰাহকৰ বাবে এটা ব্যৱহাৰকাৰী অনুকুল স্মাৰ্ট ফোন এপ্লিকেচন মাই ৰেনো এপৰ মুকলিৰ ঘোষণা কৰিছে। সকলো ৰেনো পৰিসৰৰ মটৰ গাড়ীত উপলব্ধ, মাই ৰেনো এপে ৬০টাকৈ অধিক সুবিধা গ্ৰাহকক প্ৰদান কৰিছে। এই সুবিধাসমূহে সামৰি লয় গাড়ীৰ সেৱাকাৰ্য, স্মাৰক আৰু জাননী ব্যক্তিগত কৰা, অনলাইন সেৱাৰ নিযুক্তি, গাড়ীৰ বাবে নিৰ্দেশনা পৰস্পৰভাবে ব্যৱহাৰ কৰা, ডিলাৰশ্বিপ আৰু গ্ৰাহক যত্নৰ বাবে সহজ, তথ্য সংৰক্ষণ আৰু উপযোগী ই-পেমেণ্ট সুবিধাৰ বাবে ডিজিটেল ভল্ট। এন্ড্ৰইড আৰু আই অ’ এচত উপলব্ধ মাই ৰেনো এপে’ এক সহজযোগ্য সজ্জা যিয়ে এপটোক অধিকভাবে ব্যৱহাৰকাৰী অনুকুল কৰি তোলে আৰু গ্ৰাহকৰ জৰিয়তে ব্যক্তিগতভাবে কৰা সেৱাৰ প্লেটফৰ্ম সঠিক কৰি তোলে। এপ’টো অধিক চিন্তা-চৰ্চা কৰি প্ৰস্তুত কৰা হৈছে আৰু ভাৰতত ইয়াৰ গ্ৰাহকসকলক অতি উত্তম সেৱাৰ প্ৰয়োজনীয়তা প্ৰদান কৰিবলৈ উন্নত কৰা হৈছে। এই এপটোৰ প্ৰথম কাৰ্য হৈছে ইয়াৰ ই কমাৰ্চৰ সুবিধা, যিয়ে ৰেনো গ্ৰাহকক তেওঁলোকৰ বাহন ব্যক্তিগতভাবে বাছনি কৰাৰ বাবে সমৰ্থতা দিয়ে আৰু তেওঁলোকৰ মটৰ গাড়ীৰ বাবে বিশেষ আৰ্হিৰ আছুতীয়া সুবিধা উপলব্ধ কৰে৷ ভাৰতৰ চিইঅ’ আৰু ৰেনো ইণ্ডিয়া অপাৰেছনৰ মেনেজিং ডাইৰেক্টৰ ছুমিত শ্বনে এই সন্দৰ্ভত কয় যে, আমাৰ ব্যৱসায়ৰ মূল কেন্দ্ৰবিন্দু হৈছে গ্ৰাহকসকল আৰু ৰেনোত প্ৰত্যেকটো সিদ্ধান্ত গ্ৰাহকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হয়। ই আমাৰ সামগ্ৰীৰ ৰণকৌশল, দ্ৰুত নেটৱৰ্ক সম্প্ৰসাৰণ, অভিযোজন আৰু বিশৃংখলা আতৰোৱাৰ প্ৰাথমিক পদক্ষেপক সামৰি লয়৷ মাই ৰেনো এপ’ মুকলিৰ সৈতে আমি নতুন উচ্চতাত গ্ৰাহকৰ সংস্থাপন গ্ৰহণ কৰিছো, একক সুবিধা প্ৰদান কৰিছো আৰু সুবিধাজনক মালিকীস্বত্বৰ অভিজ্ঞতা গ্ৰহণ কৰিছো। এই এপটোত সামগ্ৰীৰ নিৰ্দিষ্ট এপ সংযোজিত হৈ থাকিব আৰু সংযোজিত ৰেনো গ্ৰাহকলৈ বিনা খৰচত সুবিধাটো প্ৰদান কৰা হ’ব। এপটো ৰেনোৰ সৈতে সংযোগ হৈ থাকে, ৰেনোৰ ডিলাৰ মেনেজমেণ্ট ছিছটেম, যি ডিলাৰক প্ৰক্ৰিয়াটোত এককভাবে ঐক্যবদ্ধ কৰি তোলে। এইটোৱে লগতে এপটোত গ্ৰাহকৰ বাবে সুৰক্ষিত পঞ্জীয়ন আৰু লগ ইন সক্ৰিয় কৰি তোলে। ডি এম এচৰ পৰা এপটোৱে আন বিভিন্ন প্ৰক্ৰিয়া যেনে ৰোড চাইড এচিছটেণ্ট, কাষ্টমাৰ কেয়াৰ, পেমেণ্ট গেটৱে, এচ এম এচ আৰু ইমেইল প্ৰক্ৰিয়াৰ ঐক্যবদ্ধ তথ্য গ্ৰাহকক একমাত্ৰ বাহনৰ স্বত্বাধিকাৰীৰ অভিজ্ঞতাৰ বাবে প্ৰদান কৰে। ইয়াৰ ভৱিষ্যত সামগ্ৰীৰ ৰণকৌশল সন্দৰ্ভত শ্বনে কয় যে, ভাৰতত আমাৰ সামগ্ৰীৰ আক্ৰমণাত্মক ৰণকৌশৰ কাৰ্য অবিৰত ভাবে চলাই থাকিবলৈ, ৰেনোৱে প্ৰিমিয়াম সুবিধা থকা ৰেনো CAPTUR মুকলি কৰিছে, এই বৰ্ষত, যিটোৱে আন্তৰ্জাতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ অতি আকৰ্ষণীয় অভিব্যক্তিপূৰ্ণ আৰ্হিৰ উচ্চ প্ৰশংসাৰ বাবে। CAPTUR এ বিশ্বত এক মিলিয়নতকৈ অধিক মটৰ গাড়ী বিক্ৰী কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ সামগ্ৰী পৰ্টফ’লিও আমি আশা কৰা ধৰণে ভাৰত এচ ইউ ভি ৰ উপস্থিতিত এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব।