কলগাছিয়া, ১০ ছেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়াত শিক্ষা, সাহিত্য আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে প্ৰত্যেক বছৰে আয়োজন কৰা কলগাছিয়া গ্ৰন্থমেলাখন অহা ১২ অক্টোবৰৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে কলগাছিয়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব৷ কলগাছিয়াৰ ফখৰুদ্দিন আলি আহমেদ সংহতি ভৱনত জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত সভাত এই সিদ্ধান্ত লোৱা হয়৷ সভাত সৰ্বসন্মতিক্ৰমে বিধায়ক আব্দুল খালেকক সভাপতি, মজিবৰ ৰহমানক কাৰ্যকৰী সভাপতি আৰু বিলায়েত হুছেইনক সম্পাদক প্ৰধান হিচাপে লৈ অষ্টম কলগাছিয়া গ্ৰন্থমেলাৰ আয়োজক সমিতিখন গঠন কৰা হয়। সভাত গ্ৰন্থমেলাৰ উপলক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উদ্যোক্তাসকলে স্মৃতিগ্ৰন্থৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ নবীন প্ৰবীণ লেখক-লেখিকা, সাহিত্যিকক ৩০ ছেপ্টেম্বৰৰ আগতে পোৱাকৈ কবিতা, গল্প, প্রবন্ধ আদি পঠিয়াবলৈ আহ্বান জনাইছে। ইচ্ছুক ব্যক্তিয়ে ৯৪৩৫৪১১০২৫, ৯৯৫৭০০৯৪৬৩ আৰু ৭০০২০৬৭৪১০ নম্বৰত যোগাযোগ কৰাৰ লগতে বিলায়েত হুছাইন, সম্পাদক অষ্টম কলগাছিয়া গ্ৰন্থমেলা আয়োজক সমিতি, ডাকঘৰ কলগাছিয়া, পিন-৭৮১৩১৯ ঠিকনাৰ ওপৰি [email protected] ত লেখনি সমূহ প্ৰেৰণ কৰিব পাৰিব৷