মানিকপুৰ, ১১ ছেপ্টেম্বৰঃ বিগত তিনিটা দিনত নেৰানেপেৰা বৰষুণ ফলত বঙাইগাঁৱৰ আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীয়ে মানিকপুৰৰ প্ৰায় ৩০ খনকৈ গাওঁ প্লাৱিত কৰাৰ লগতে মানাহ নদীৰ বাঢ়নী পানীয়ে প্ৰায় ২০ খনকৈ গাওঁ প্লাৱিত কৰিছে। আই নদীৰ বাঢ়নী পানীয়ে ১, ২, ৪ আৰু ৬নং ভাণ্ডাৰা, টেন্টনপুৰ, কাহীবাৰী, জামদহা হালদিবাৰী, তিলপুখুৰীকে ধৰি  প্ৰায় ৩০খন গাঁও জলমগ্ন কৰিছে। অঞ্চলটোৰ লোকে মানাহ আৰু আই নদীৰ বাঢ়নী পানী এনেদৰে বৃদ্ধি পাই থাকিলে যি কোনো মুহূৰ্ততে শতাধিক গাওঁ প্লাৱিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ আনহাতে মানাহ নদীৰ বাঢ়নী পানীয়ে কোকিলাৰ গনবিন্না, বাশবাৰী, নাম্বাৰপাৰা, গোলাপাৰাকে ধৰি প্ৰায় ১৫খনকৈ অধিক গাওঁ প্লাৱিত কৰিছে। কিছুদিন পূৰ্বে হৈ যোৱা মানাহ আৰু আই নদীৰ বাঢ়নী পানীত শতাধিক পৰিয়ালৰ ঘৰ বাৰী জাহ যোৱাৰ পিছত পুনৰ নদী দুখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈ পৰীয়া লোকসকল শংকিত হৈ পৰিছে৷ বানপানীৰ লগতে আই নদীৰ গৰাখহনীয়াত ভাণ্ডাৰা, টেন্টনপুৰত প্ৰায় ৫০ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ নদীত জাহ গৈছে৷ বৰ্তমানলৈ অঞ্চলটোৰ ক্ষয় ক্ষতিৰ বুজ ল’বলৈ স্থানীয় বিধায়ক তথা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷