গুৱাহাটী, ৭ মেঃ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী সুৰেশ প্ৰভু গুৱাহাটী-নাহৰলগুন শতাব্দী এক্সপ্ৰেছখন মালিগাঁৱৰ উত্তৰ–পূৱ ৰে’লৰ মুখ্য কাৰ্যালয়ত ভিডিঅ’ কনফাৰেঞ্চ যোগে মুকলি কৰে৷ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী সুৰেশ প্ৰভুৱে উদ্বোধনী ভাষণত কয় যে সূৰ্য উঠা প্ৰদেশৰ পৰাই হওক উন্নয়নৰ আৰম্ভণি আৰু অৰুণাচলৰ পৰা আৰম্ভ হওঁক এই উন্নয়নৰ জয়যাত্ৰা৷ ৫ বছৰত ৰে’ল উন্নয়নত দুগুণে প্ৰসাৰ ঘটায় মিটাৰ গজ ৰে’লৰ সম্পূৰ্ণৰূপে বিলুপ্তি ঘটোৱা হ’ব৷ তাৰ বিপৰীতে ব্ৰডগজ লাইনৰ প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰডগজৰ সমানে আৰম্ভ হ’ব বৈদ্যুতিকৰণৰ কাম৷ ২০২০চনত সকলো ৰাজ্যৰ ৰাজধানীলৈকে ৰেল পথসমুহ ব্ৰডগজ কৰা হ’ব ৰে’ল মন্ত্ৰীজনে ঘোষণা কৰে৷ লগতে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে আৰু কয় যে উত্তৰ-পূবাঞ্চলত ৯০ হাজাৰ কোটিৰ প্ৰকল্প আৰম্ভ হৈছে৷ ইয়াৰে তিনিটা বৰ্ষত ৩ কোটি ৫০ লাখৰ কাম সম্পন্ন হৈছে আৰু পৰৱৰ্তী ৫ বছৰত ৮লাখ ৫০ হাজাৰ কোটি টকাৰ কাম সম্পন্ন হ’ব৷ দেশতে ৰে’ল যোগাযোগৰ নেটৱৰ্ক উন্নয়ন কৰাৰ লগতে জুনৰ ভিতৰত ৰে’ল বিভাগে আৰম্ভ কৰিব নতুন এপ্লিকেচন৷ এই এপ্লিকেচনৰ জৰিয়তে যিকোনো অভিযোগ পোনপটীয়াকৈ দাখিল কৰাৰ ব্যৱস্থা থাকিব আৰু সেই অভিযোগৰ ভিত্তিত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰে’লমন্ত্ৰী প্ৰভুৱে আশ্বাস দিয়ে৷ আনহাতে নাহৰলগুনত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজুজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্দু উপস্থিত থাকে৷  ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে মূৰ্কংচেলেক আৰু পাছিঘাট বিজি ৰে’লপথৰো আধাৰশিলা স্থাপন কৰে৷