অনলাইন ফিচাছ, ৭ মেঃ এগৰাকী বাংলাদেশী মহিলা বিবাহ বিচ্ছেদৰ পিছত ভাৰতলৈ আহি পৰিল দেহ ব্যৱসায় চক্ৰৰ জালত৷ মুম্বাই, বাঙ্গালোৰো তথা ভাৰতৰ বিভিন্ন চহৰৰ ৰেড লাইট অঞ্চলৰ পৰা পালেগৈ পুনেৰ ৰেড লাইট অঞ্চলত৷ কিছুদিন পূৰ্বে পুনে আৰক্ষীয়ে এই মহিলা গৰাকীক পুনেৰ ৰেড লাইট অঞ্চলৰ পৰা উদ্ধাৰ কৰি চমজাই দিয়ে এটা বে-চৰকাৰী সন্থাক৷ এই বে-চৰকাৰী সন্থাই মুম্বাইত থকা বাংলাদেশৰ উচ্চ আয়োগৰ লগত যোগাযোগ কৰি মহিলা গৰাকীক বাংলাদেশত থকা পৰিয়ালবাৰ্গৰ ঠিকনা সংগ্ৰহ কৰি মাহিলাগৰাকীক বাংলাদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে৷ যদি সকলো ঠিকে থাকে তেন্তে চলিত মাহৰ ১৫ তাৰিখে এই মাহিলাগৰাকী ঘূৰি যাব নিজ দেশলৈ৷ কিন্তু নিজ ঘৰলৈ যোৱাৰ আগতে মহিলাগৰাকীয়ে এক আৱেগিক চিঠি লিখিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ৷ চিঠিত মহিলাগৰাকীয়ে দেহ ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰা টকাৰ কথা উল্লেখ কৰিছে৷ মহিলাগৰাকীৰ ওচৰত আছে কিছু টকা যিবোৰ কাষ্টমাৰে তাইক টিপ হিচাপে দিছিল৷ দালালে হেনো তাইক দেহ ব্যৱসায়ৰ বিনিময়ত এটকাও দিয়া নাছিল৷ গতিকে টিপ হিচাপে পোৱা টকাখিনি তাই লুকুৱাই ৰাখিছিল৷ অতি কষ্ট আৰু কলংক লৈ উপাৰ্জন কৰা এই টকা খিনিৰ বেছি ভাগেই ৫০০ আৰু ১০০০ টকীয়া পুৰণি নোট যিবোৰ এতিয়া আচল হৈ পৰিছে৷ মহিলাগৰাকীৰ প্ৰধানমন্ত্ৰীলৈ অনুৰোধ তাইৰ ওচৰত থকা এই পুৰণি টকাখিনি যদি প্ৰধানমন্ত্ৰীয়ে নতুন টকাৰ লগত সলনি কৰি কৰি দিয়ে তেন্তে তাই প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞ হৈ থাকিব৷ এই আৱেগিক চিঠিখন বে-চৰকাৰী সন্থাটোৰ এগৰাকী কৰ্মকৰ্তাই হিন্দীত অনুবাদ কৰি প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী সুষমা স্বৰাজক টুইটাৰ যোগে প্ৰেৰণ কৰিছে৷ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়ে নিয়মীয়াকৈ নিজৰ টুইটাৰ চায়৷ বিদেশ মন্ত্ৰী গৰাকীয়ে বিভিন্ন সময়ত বিপদত পৰা লোকক সহায় কৰি আহিছে আৰু সেইবাবে বাংলাদেশৰ মহিলাগৰাকীয়ে এই চিঠি লিখিছে৷ বাংলাদেশত বিবাহ বিচ্ছেদৰ পিছত এক কাপোৰৰ উদ্যোগত কাম কৰা এই মহিলাগৰাকীক এজন সহকৰ্মীয়ে  ভাৰতত ভাল কাম দিয়াৰ প্ৰতিশ্ৰুতি দি বাংলাদেশৰ পৰা আনি মুম্বাইৰ এক পতিতালয়ত মাত্ৰ ৫০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল৷ অতি দুখীয়া ঘৰৰ মহিলাগৰাকীৰ পুৰণি টকাখিনি যদি নতুন টকাৰ লগত সলনি কৰি দিয়া হয়, তেন্তে এইটো অকল মহিলাগৰাকীৰ বাবে আৰ্থিক সাহাৰ্য্যই নহয় মহিলাগৰাকীৰ আগন্তুক জীৱনৰ কাৰণেও এক অমূল্য স্মৃতি হৈ ৰৈ যাব৷