নাজিৰা, ১৪ জুলাইঃ নাজিৰা মহকুমাৰ মহকুমাধিপতি ড০ সাদ নেক সিঙে মহকুমাটোৰ বান পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি যাৱতীয় পদক্ষেপ গ্ৰহণ  কৰিছে৷ দিখৌ নদীৰ দুৰ্বল মাথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ সংশ্লিষ্ট বিভাগলৈ নিৰ্দেশ জাৰি কৰিছে। ইতিমধ্যে প্ৰশাসনে মহকুমাটোৰ অন্তৰ্গত ওপৰ নাজিৰাদিহিঙ্গীয়া,  নাওঁশলীয়া, সৌকাজান সত্ৰ, মঠিয়াছিগা, কোঁৱৰ গাঁৱত সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগতে নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগক বানাক্ৰান্ত অঞ্চলসমূহত খোৱাপানীৰ সমস্যা সমাধানৰ কাৰণে অঞ্চলসমূহত ক্লৰিণ টেবলেট বিতৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। মহকুমাটোৰ আঠখেল মৌজাৰ লগতে জোকতলি মৌজাৰ  দেওঁপানী গোহাঁই গাওঁ, নামদঙীয়া, সাতসৈ গ্ৰাণ্ট, কেতেকীবাৰী, বৰাখোৱা আঠাবাৰী গ্ৰাণ্ট (মাদুৰী চাহ বাগিছাৰ), যোগী জতকীয়া, আমকটীয়া, গোঁহাই গাঁও, মাদুৰী গোঁহাই গাঁও, মাদুৰী বৰ গোঁহাই গাঁৱত বানপানী ক্ৰমাত হ্ৰাস পাইছে যদিও এতিয়াও বহু অঞ্চল জলমগ্ন হৈ আছে। আঠখেল মৌজাৰ কছাৰী গাঁও মৰাণ গাঁৱৰ ৩৫টা পৰিয়াললৈ মহকুমা প্ৰশাসনে বান সাহাৰ্য্য তথা খাদ্য সামগ্ৰী যোগান ধৰিছে। উল্লেখ্য যে, এইবছৰ মহকুমাটোৰ বিভিন্ন অঞ্চলত বহু শালি ধানৰ কঠিয়া বানে নষ্ট কৰাত খেতিয়কসকলে অনাগত সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাতো নিশ্চিত।