আজাৰা, ১৪ জুলাইঃ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উদ্যোগত আৰু গুৱাহাটী মহকুমা বজাৰ সমিতিৰ সৌজন্যত আজাৰাৰ কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত বৰা৷ বৰাই সভাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়৷ বিশেষকৈ ষাঠি বছৰৰ উৰ্দ্ধৰ কৃষকৰ পেঞ্চন, কেবাদশক ধৰি কৃষি-কৰ্ম কৰি অহা কিন্তু মাটিৰ পট্টা নথকা কৃষকক পট্টা দিয়া, কৃষক বীজ আঁচনিৰ লগতে কৃষকৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বিষয়ে বিশদ ভাবে উল্লেখ কৰে৷ সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ কৃষি বিজ্ঞানী পল্লৱ কুমাৰ শৰ্মাই কৃষিজাত সামগ্ৰী চপোৱাৰ পিছত অপচয় ৰোধৰ ব্যৱস্থা, জৈৱিক সাৰ উৎপাদন আৰু ব্যৱহাৰ, কৃষি কাৰ্য্যত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, বিজ্ঞানসন্মত পদ্ধতিৰে কেঁচুসাৰ উৎপাদন, কৃষিজাত সামগ্ৰীৰ বিপণনৰ ব্যৱস্থাৱলীৰ বিষয়ে ব্যাখ্যা কৰে৷ কৃষক সজাগতা সভাত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ কুমাৰ বৰুৱা, গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষ কৃষ্ণ দাস, বাণিজ্যিক পৰিদৰ্শক অপূৰ্ব কুমাৰ দাস, ৰঞ্জিত বড়োকে ধৰি প্ৰায় দুই শতাধিক কৃষক উপস্থিত থাকে৷