গুৱাহাটী, ১০ জুন, ২০২৪ : “আমাৰ ভৱিষ্যত আমাৰ ভূমি, পুনৰুদ্ধাৰৰ প্ৰজন্ম আমি” মূলমন্ত্ৰলৈ সমগ্ৰ বিশ্বতে ৫ জুন তাৰিখে উদযাপিত হোৱা পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সপ্তাহযোৰা কাৰ্যসূচীৰে মহানগৰৰ চচলস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ে (Nandi Mikir School) পৰিৱেশ দিৱস উদযাপন কৰে৷ কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুন তাৰিখে বিদ্যালয়ৰ চৌহদত অৰ্ধ-শতাধিক বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰাৰ লগতে এক সজাগতা সভাৰ আয়োজন কৰে৷

৬ জুন আৰু ৭ জুন তাৰিখে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ছয়মাইল চচলৰ বিভিন্ন স্থানত পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা শীৰ্ষক আকৰ্ষণীয় বাটৰ নাট প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মোহাচ্ছন্ন কৰি তোলে৷ উপস্থিত ৰাইজে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ বাটৰ নাটক ভূয়সী প্ৰশংসা কৰে৷ সপ্তাহযোৰা কাৰ্যসূচীৰ ৮ জুন তাৰিখে বিদ্যালয়ৰ প্ৰাংগনত পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰা বিভিন্ন আটকধুনীয়া সামগ্ৰীৰ প্ৰদৰ্শনী আয়োজন কৰে৷

ছাত্ৰ-ছাত্ৰী সকলে পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰি উলিওৱা প্ৰদৰ্শনী প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ টেৰণ, সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ আৰু সমাজকৰ্মী প্ৰশান্ত শইকীয়াই অংশগ্ৰহণ কৰে৷ প্ৰদৰ্শনী প্ৰতিযোগিতাত যথাক্ৰমে চাকিবুল হুছেইন, পাৰবিন চুলতানা আৰু মাজনী খাটুনে প্ৰথম স্থান, শুব্ৰত বৰ্মন, নাজিমুল ইছলাম আৰু তান্তিয়া টফীয়ে দ্বিতীয় স্থান আৰু সংগীতা সিনহা, নাৰ্জিহানা খাটুন, নিশামণি দাস আৰু ৰঞ্জন শ্বেখে তৃতীয় স্থান লাভ কৰে৷

বিদ্যালয়ৰ প্ৰধান শিক্ষক অবণী শৰ্মা আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তত্বাবধানত অনুষ্ঠিত সপ্তাহযোৰা কাৰ্যসূচীৰ অহা ১২ জুন তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। সামৰণি অনুষ্ঠানতে বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদানৰ লগতে বাটৰ নাটৰ শিল্পী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকে জানিবলৈ দিয়ে৷