আজিজ আলী

মুকালমুৱা : বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন। ২৮ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন হয়।

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন কৰা হয় বৰক্ষেত্ৰী মহাবিদ্যালয়ত।

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰবক্তাদ্বয় ক্ৰমে নয়ন পাঠক আৰু বৰ্ণালী ডেকাৰ তত্ত্বাৱধানত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হোৱা প্রদৰ্শনীত কান্ধবাৰী হাইস্কুলে প্ৰথম পুৰস্কাৰ হিচাপে নগদ ২ হেজাৰ টকা, এখন ট্ৰফীৰ লগতে প্ৰমাণ পত্ৰ লাভ কৰে। দ্বিতীয় পুৰস্কাৰ লাভ কৰা ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১৫০০ টকা, এখন ট্ৰফীৰ লগতে প্ৰমাণ পত্ৰ লাভ কৰে।

তৃতীয় পুৰস্কাৰ লাভ কৰা লাউপাৰা হাইস্কুলে নগদ ১২০০ টকা, এখন ট্ৰফীৰ লগতে প্ৰমাণ পত্ৰ লাভ কৰে। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।