জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ পৌৰ সভা নিজৰ দখলত আনিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। ইতিমধ্যে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ১২ টা ৱাৰ্ডৰ ভিতৰত তিনিটা ৱাৰ্ড বিনা প্ৰতিদ্বন্দ্বীতাৰে ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছে। বাকি থকা ৯ টা ৱাৰ্ডে ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণভাৱে দখল কৰিবলৈ জোৰদাৰ প্ৰচাৰ অভিযানত নামিছে।

পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জীৱন দাসৰ হৈ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিধায়ক গৰাকীয়ে পুনৰ ‘কা’ আন্দোলনৰ প্ৰসংগ নিজৰ ভাষণত উল্লেখ কৰি কয় যে সেই সময়ত মই ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ কথা ভাবিছিলো আৰু মোৰ পুত্ৰও মোক ঘৰৰ পৰা বাহিৰ হ’বলৈ বাধা দিছিল।

বিধায়ক গৰাকীয়ে কয় যে তেওঁৰ পুত্ৰই তেওঁক বাহিৰলৈ ওলালে জ্বালাই দিব বুলি কৈছিল। কিন্তু পিছৰ পৰ্যায়ত গম পালো সেইয়া এক আবেগহে আছিল বুলি নিজৰ ভাষণত উল্লেখ কৰে বিধায়ক গৰাকীয়ে। ভাষণৰ মাজতে আজানৰ শব্দ শুনি বিধায়ক গৰাকীয়ে নিজৰ ভাষণৰ সামৰনি মাৰে। বিধায়ক গৰাকীয়ে কয় যে যিদৰে নামঘৰত ডবা কোবালে এক মিনিট সময় ৰৈ যাব লাগে, থিক একেদৰে আজানৰ শব্দ শুনি শ্ৰদ্ধা জনাই মই মোৰ ভাষণ সামৰনি মাৰিছো।