ৰঙিয়া, ১৮ ছেপ্টেম্বৰঃ বিধ্বস্ত পথ মেৰামতি আৰু জৰাজীৰ্ণ দলং পকীকৰণৰ দাবীত ডিমু আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ ডিমু চকত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়া, কমলপুৰ আৰু হাজো সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-হাজো, কমলপুৰ-মৰোৱা, ডিমু-দিহিনা পথ আৰু জৰাজীৰ্ণ দলং সমূহ অতি শীঘ্ৰে পকীকৰণ কৰাৰ দাবী জনাই ডিমু আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ কৰি সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা বিধ্বস্ত পথ আৰু জৰাজীৰ্ণ দলঙৰ বাবে তিনিওটা সমষ্টিৰ সৰ্বসাধাৰণ লোকে যাতায়তৰ নামত দুৰ্ভোগ ভূগিবলগীয়া হৈছে। প্ৰায় এবছৰ পূৰ্বে  ৰঙিয়াৰ ডিমু চকৰ পথটো নিৰ্মাণৰ বাবে গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অতি জাকজমকতাৰে আধাৰশিলাও স্থাপন কৰিছিল। কিন্তু পথটোৰ নিৰ্মাণৰ কাম কিছু কৰিয়েই স্থবিৰ হৈ পৰে। ৰঙিয়া, কমলপুৰ আৰু হাজো সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-হাজো, কমলপুৰ-মৰোৱা, ডিমু-দিহিনা পথ মেৰামতি আৰু জৰাজীৰ্ণ দলং সমূহ পকীকৰণৰ কাম অতি শীঘ্ৰে আৰম্ভ  কৰিবলৈ আঞ্চলিক ছাত্ৰ দাবী জনায়।