গুৱাহাটী, ৫ ছেপ্টেম্বৰ, ২০২৪ : আজি গুৱাহাটীৰ জি এছ ৰোডস্থিত চেণ্ট্ৰেল মলৰ ব্লক-বিৰ প্ৰথম মহলাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় খাদ্যৰসিকৰ বহু প্ৰত্যাশিত ৰেষ্টুৰেণ্ট ৰুহানী। মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ ৰ বিজয়ী অসম সন্তান নয়নজ্যোতি শইকীয়াৰ (Nayanjyoti Saikia) সপোনৰ এই ৰেষ্টুৰেণ্টখনে এতিয়া সাজু হৈছে থলুৱা খাদ্যৰ অভিনৱ উপাদনৰ সংমিশ্ৰণেৰে গ্ৰাহকক বিশ্বব্যাপী খাদ্যৰ সোৱাদ দিবলৈ। উল্লেখ্য যে, দুটা মহলাৰ ৭,৫০০ বৰ্গফুটৰ বিশাল পৰিসৰত নিৰ্মাণ কৰা এই ৰেষ্টুৰেণ্টখনত ২৪৫ গৰাকী অতিথিয়ে একেলগে বহি বিশ্বব্যাপী প্ৰসিদ্ধ খাদ্যসমূহৰ লগতে থলুৱা জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ অনন্য সোৱাদ গ্ৰহণৰ সুব্যৱস্থা আছে।

প্ৰণিধানযোগ্য যে, সংস্কৃত শব্দ ‘ৰুহ’ৰ অৰ্থ হৈছে ‘আত্মা’ বা ‘সত্তা’। একেদৰে ‘অনি’ হৈছে সংস্কৃত শব্দ ‘অনু’ৰ এক প্ৰত্যয়, যাৰ অৰ্থ হৈছে ‘সম্পৰ্কিত’ বা ‘জড়িত’। অৰ্থাৎ এই দুই শব্দ যোগ কৰি পোৱা ‘ৰুহানী’ শব্দৰ অৰ্থ হৈছে ‘আত্মাৰ সৈতে সম্পৰ্কিত’। অন্য প্ৰকাৰে ইয়াক ‘আধ্যাত্মিক’, ‘সাত্বিক’ বা ‘আত্মিক’ বুলিও বৰ্ণনা কৰিব পাৰি। গুৱাহাটীৰ মাজমজিয়াত এই ৰেষ্টুৰেণ্টখনিৰ মুকলিৰ সময়ত মাষ্টাৰচেফ নয়নজ্যেতি শইকীয়াই কয়, ”৫ ছেপ্টেম্বৰৰ দিনটো মোৰ বাবে এটা বিশেষ দিন। এই দিনটোতে ২০২৩ চনত মই মাষ্টাৰচেফ ইণ্ডিয়াৰ বাবে নিৰ্বাচিত হৈছিলোঁ। সেই দিনটোৰ ঠিক এবছৰ পিছত একেটা দিনতে অৰ্থাৎ ৫ ছেপ্টেম্বৰতে মই ৰুহানী মুকলি কৰি অত্যন্ত সুখী অনুভৱ কৰিছোঁ।’’

নয়নজ্যেতি শইকীয়াই লগতে কয়, “আমাৰ লক্ষ্য হৈছে গ্ৰাহকক খাদ্যৰ এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰা, যিয়ে জিভাৰ জুতিৰ সমান্তৰালভাৱে আত্মাকো পুষ্টি প্ৰদান কৰিব পাৰে। আমাৰ ৰেষ্টুৰেণ্টখনৰ নামটোৱেই আমাৰ লক্ষ্যৰ পৰিচয়। ৰুহানীৰ লক্ষ্য হৈছে পৰম্পৰাগত সোৱাদৰ সৈতে আধুনিক সোৱাদৰ সংমিশ্ৰণ ঘটনাই খাদ্যৰসিকসকলক এক আধ্যাত্মিক যাত্ৰাত লৈ যোৱা।’’ মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়াৰ বিশেষজ্ঞতা প্ৰদৰ্শন কৰি ২০২৪ৰ ৬ ছেপ্টেম্বৰত খাদ্যপ্ৰেমীৰ বাবে মুকলি কৰা হ’ব ৰুহানী। থলুৱা সোৱাদৰ সংমিশ্ৰণেৰে অনন্য খাদ্য সম্ভাৰেৰে সজোৱা হৈছে ৰুহানীৰ মেন্যু। মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়াৰ অভিনৱ স্বকীয় শৈলী আৰু অভিজ্ঞতাৰে খাদ্যৰসিকৰ বাবে প্ৰস্তুত কৰা এই মেন্যুৰ প্ৰতিবিধ খাদ্য সম্ভাৰৰ মাজেৰে মূৰ্ত হৈ উঠিব খাদ্যৰ মাজেৰে গল্প কোৱাৰ তেওঁৰ যাদুকৰী সক্ষমতা।

ৰুহানীৰ দীঘলীয়া মেন্যুৰ বৈচিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়াই কয়, “আমাৰ মেন্যুত পাস্তা, ৰেমেন বাউল আৰু থাই খাদ্যকে ধৰি মই ভালপোৱা খাদ্যসম্ভাৰো সন্নিৱিষ্ট কৰা হৈছে। এই অনন্য সোৱাদসমূহৰ সৈতে মই মোৰ স্বকীয় সোৱাদো যোগ কৰিছোঁ। আমি কাবাবৰ দৰে জনপ্ৰিয় খাদ্যসমূহো উন্নীত কৰিছোঁ, স্থানীয় উপাদান, যেনে, উত্তৰ-পূবৰ জলকীয়া, থলুৱা নেমু আৰু বনৌষধিৰ সৈতে বিভিন্ন ধৰণৰ তুৰ্কী কাবাব আগবঢ়াইছোঁ৷ ডেজাৰ্টৰ বাবে আমি মাষ্টাৰচেফৰ প্ৰিয় খাদ্য অন্তৰ্ভুক্ত কৰিছোঁ, যেনে কাজি নেমু টাৰ্ট অ’এছিছ, যিয়ে অসমীয়া সোৱাদত ফৰাচী পেটিচ্‌ৰী সোৱাদৰ সৈতে সংমিশ্ৰণ ঘটাইছে।

আন এটা উল্লেখযোগ্য দিশ হ’ল বাম্বল বি, আলমণ্ড ছেবল আৰু হানি কেৰামেলৰ সৈতে এক সমৃদ্ধ বন্য মৌৰ ফ্ৰ’জেন পাৰ্ফেট। আমি আমাৰ চৰবট আৰু চিৰাপত স্থানীয় ৰ’জেল ফুল ব্যৱহাৰ কৰিছোঁ।” ৰুহানীৰ শুভাৰম্ভ উপলক্ষ্যে ৰেষ্টুৰেণ্টখনে খাদ্যপ্ৰেমী আৰু ব্যতিক্ৰমী খাদ্যৰ অভিজ্ঞতা লাভ কৰিব বিচৰা সমূহ ব্যক্তিক বিশেষভাৱে আমন্ত্ৰণ জনাইছে। ইতিমধ্যে ৰুহানীৰ আগতীয়া আসন সংৰক্ষণ মুকলি কৰা হৈছে আৰু খাদ্যৰসিকসকলে এতিয়া ৭০৯৯০-৭১৩৭৮ অথবা ৭০৯৯০-৭১৩৭৯ অফিচিয়েল নম্বৰত যোগাযোগ কৰি ৰুহানীত আসন সংৰক্ষণ কৰিব পাৰে।