নাজিৰা, ৩০ জুলাইঃ নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আবকাৰী বিভাগে যোৱা ২৮ জুলাইৰ পৰা অভিযান চলাই ব্যাপক পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে কেবাজনকো আটক কৰে৷  মাদুৰী, মলাগাঁও, মাদুৰী গোঁহাই গাওঁ, আমোলা পট্টি, নাজিৰা তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কাৰ্যালয়ৰ সন্মুখৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগে ধাৰাবাহিক অভিযান চলাই ১০লিটাৰ দেশীয় সুৰা আৰু ১০টা বিয়েৰ জব্দ কৰে৷ আবকাৰী বিভাগে অভিুযানৰ সময়ত ৪জন অবৈধ সুৰাৰ ব্যৱসায়ীকো আটক কৰে৷ ঘটনাৰ সন্দৰ্ভত আবকাৰী বিভাগে ইতিমধ্যে ৭টা গোচৰ ৰুজু কৰিছে৷