যোৰাবাট, ২৯ জুলাইঃ ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাব ধৰিছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা৷ এইবাৰ যোৰাবাটৰ গণেশ মন্দিৰৰ নেপালী বস্তিত এজন ৪৫ বছৰীয়া অ’ট চালকৰ কামনাৰ বলি হ’ল এগৰাকী ১৫ বছৰীয়া কিশোৰী৷ কুমাৰ দৰ্জী নামৰ অ’ট চালকজনে ঘৰত কোনো নথকাৰ সুযোগত বিগত দুই মাহ ধৰি কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল৷ যোৱা নিশা কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে ঘটনাৰ সন্দৰ্ভত যোৰাবাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ আনহাতে অ’ট চালক কুমাৰ দৰ্জী বৰ্তমান পলাতক অৱস্থাত আছে৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পিছতেই যোৰাবাট মহিলা সমিতি ভূক্তভোগী কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হয়৷ মহিলা সমিতিয়ে কুমাৰ দৰ্জীক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়৷