গুৱাহাটী, ৮ মাৰ্চ, ২০২৪ : এতিয়া সৌন্দৰ্যৰ লগতে বাজেট অনুকুল আচবাব ক্ৰয় কৰি নিজৰ ঘৰখন আৰু অধিক ধুনীয়াকৈ সজাই তুলিব পাৰিব গুৱাহাটীবাসীয়ে। কিয়নো ঘৰুৱা আচবাবৰ বজাৰখনক এক নিৰ্ভৰযোগ্যতা প্ৰদান কৰি গুৱাহাটীত মুকলি কৰা হৈছে হোমছ টু লাইফৰ প্ৰথমখন বিপণী। উদ্বোধনীৰ পিছতেই নিজৰ বিস্তৃত পৰিসৰৰ দ্বাৰা গ্ৰাহকক আকৰ্ষণ কৰি গুৱাহাটীৰ অন্যতম জনপ্ৰিয় বজাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে এই বিপণীখন। ছিংগাপুৰৰ প্ৰখ্যাত আৰু উচ্চমানৰ ফাৰ্নিচাৰ (Furniture) ব্ৰেণ্ড হোমছ টু লাইফে সগৌৰৱে গুৱাহাটীত প্ৰথমখন বিপণী মুকলি কৰি ইয়াৰ সম্প্ৰসাৰণ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰে।

পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণ ঘটা গুৱাহাটী মহানগৰীত নিজৰ প্ৰথমখন বিপণী মুকলি কৰি গৌৰৱ অনুভৱ কৰে হোমছ টু লাইফে। মহানগৰীৰ ক্ৰমবৰ্ধ্বমান জীৱনশৈলীক আঁকোৱালি লোৱা প্ৰতিগৰাকী ব্যক্তিৰ অনন্য ব্যক্তিত্বক প্ৰতিফলিত কৰা আৰু প্ৰত্যেকৰে ঘৰখনক সমৃদ্ধ কৰিব পৰা আটকধুনীয়া আচবাব আগবঢ়াবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে প্ৰতিষ্ঠানটোৱে। গুৱাহাটীত এই বিপণীখন মুকলি কৰি হোমছ টু লাইফৰ গ্ল’বেল ব্ৰেণ্ড মুৰব্বী চেলেষ্টি ফুৱাই কয়, ”গুৱাহাটীত হোমছ টু লাইফৰ ষ্ট’ৰ মুকলি কৰাটো আমাৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব। আমি এই মনোৰম চহৰখনৰ নিৱাসীসকলৰ মাজত আমাৰ আচবাবৰ বিস্তৃত পৰিসৰ আৰু উন্নতমানৰ সেৱাসমূহ আগবঢ়াবলৈ পাই যথেষ্ট আনন্দিত হৈছো। গৃহস্থৰ জীৱন ধাৰণৰ মান উন্নত কৰাটোৱেই হৈছে আমাৰ সমৰ্পণৰ মূল লক্ষ্য। আমি নিশ্চিত যে গুৱাহাটীৰ চৌখিন গ্ৰাহকসকলে সৌন্দৰ্য্যৰ বাবে পৰিচিত আমাৰ বিশেষভাৱে নিৰ্মিত আচবাবৰ পৰিসৰক আন্তৰিকতাৰে গ্ৰহণ কৰিব।”

হোমছ টু লাইফ ব্ৰেণ্ডৰ ভাৰতৰ মুৰব্বী বৰুণ কান্তই কয়, “আমাৰ প্ৰয়াস হৈছে উচ্চ-শ্ৰেণীৰ লগতে সুলভ মূল্যৰ আচবাব প্ৰদান কৰা, যিয়ে ভাৰতত হোমচ টু লাইফৰ দ্ৰুত সম্প্ৰসাৰণত ইন্ধন যোগায়। ‘ভাৰত আৰু বিশ্বৰ বাবে ভাৰতত নিৰ্মাণ'(মেক্ ইন ইণ্ডিয়া ফৰ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড) নৈতিক মূল্যবোধেৰে পৰিচালিত হৈ আমি এতিয়া বিশ্বৰ ভিতৰতে এক আগশাৰীৰ চোফা নিৰ্মাতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আমি আমাৰ শেহতীয়া আন্তৰ্জাতিক শৈলীবোৰ এক বিস্তৃত ১০ বছৰীয়া মানদণ্ড নিশ্চিতিৰ সৈতে সমান্তৰালকৈ উপস্থাপন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’’