গুৱাহাটী, ৭ মাৰ্চ, ২০২৪ : হস্ততাঁত শিল্পৰ বিশেষ প্ৰশিক্ষণৰ জৰিয়তে গ্ৰামঞ্চলৰ শিল্পী সকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াস। এটা বেচৰকাৰী সংগঠনে এই ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ। ৩০ গৰাকী লোকক হস্ততাঁত শিল্পৰ প্ৰশিক্ষণ হিয়া হেৰিটেজ ৱৰ্ল্ড নামৰ বেচৰকাৰী সংগঠনৰ।

ৰাজ্যৰ হস্ততাঁত শিল্পৰ লগত জড়িত শিল্পী সকলক অধিক দক্ষ হিচাপে গঢ়ি এই শিল্পী সকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হিয়া হেৰিটেজ ৱৰ্ল্ড নামৰ এটা বেচৰকাৰী সংগঠনে। শেহতীয়াকৈ কামৰূপ জিলাৰ মিৰ্জাৰ হস্ততাঁত শিল্পৰ লগত জড়িত ৩০ গৰাকী শিল্পীক বেচৰকাৰী সংগঠনটোৱে এক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে।

মিৰ্জাৰ গ্ৰামঞ্চলৰ পৰম্পৰাগত হস্ততাঁত শিল্পৰ লগত জড়িত শিল্পী সকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক হস্ততাঁত শিল্পৰ কিছুমান বিশেষ কৌশলৰ জ্ঞান প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে হস্ততাঁত শিল্পৰ লগত জড়িত শিল্পী সকলৰ অধিক আত্মনিৰ্ভৰশীল হৈ উঠাৰ লগতে আৰ্থিকভাৱেও স্বাৱলম্বী হ’বলৈ সক্ষম হ’ব। অঞ্চলটোৰ মুঠ ৩০ গৰাকী হস্ততাঁত শিল্পৰ লগত জড়িত শিল্পী সকলক দুমাহ ধৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়।

১১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ অন্ত পৰিব ১১ মাৰ্চত। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকত হস্ততাঁত শিল্পৰ লগত জড়িত শিল্পী সকলৰ উন্নয়ন লগতে হস্ততাঁত আৰু বস্ত্ৰ শিল্পীৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গুৰু-শিষ্য হস্তশিল্প প্ৰশিক্ষণ প্ৰগ্ৰাম নামেৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। প্ৰশিক্ষণত অংশগ্ৰহণ কৰা শিল্পী সকলে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে হস্ততাঁত শিল্পী সকলৰ বাবে গ্ৰহণ কৰা এই আঁচনিয়ে শিল্পী সকলক উপকৃত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।