গুৱাহাটী : ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন। ১৫ আগষ্টত দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত দেশবাসীয়ে উদযাপন কৰিব লাগিব স্বাধীনতা দিৱস। ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ সময়ত মানি চলিবলগীয়া ক’ভিডৰ নিয়মাৱলী সন্দৰ্ভত এক নির্দেশনা জাৰি কৰিছে।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ নতুন নিয়মাৱলী মৰ্মে মুকলি ঠাই বা খেলপথাৰত ৰাজ্যিক পর্যায়ত উদ্যাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠানত ১৫০০তকৈ অধিক লােক সমৱেত হ’ব নােৱাৰিব। সেইদৰে জিলাভিত্তিত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৫০০ আৰু মহকুমা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৩০০ জনতকৈ অধিক লােক উপস্থিত থাকিব নােৱাৰিব।

আনহাতে অন্যান্য স্থানত আয়ােজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত জনসমাগম ২০০ তকৈ অধিক হ’ব নােৱাৰিব। বন্ধ হল, প্রেক্ষাগৃহ আদিত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ বা ২০০ তকৈ অধিক লোক অনুষ্ঠানত উপস্থিত থাকিব নােৱাৰিব।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যােৱা ব্যক্তি, বিষয়া আৰু কর্মচাৰীৰ ক্ষেত্ৰত সান্ধ্য আইন আৰু যুগ্ম-অযুগ্ম নম্বৰ ব্যৱস্থা শিথিল কৰিছে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে। স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাইজে ক’ভিড সম্পর্কীয় সকলাে নিয়মাৱলী যেনে মাস্কৰ ব্যৱহাৰ, সামাজিক দূৰত্ব, চেনিটাইজেছন আদি মানি চলাটো বাধ্যতামূলক।